থাইলেণ্ড অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন অসমৰ ভাগ্যৱতী কছাৰীৰ । মহিলাৰ ৭৫ কেজি শাখাত ভাগ্যৱতীয়ে থাইলেণ্ডৰ প্ৰতিদ্বন্দী পৰ্নিপ্পা চুটিৰ বিৰূদ্ধে ৫-০ ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলত উপনীত হৈ এই সন্মান অৰ্জন কৰে ।

কিন্তু অন্তিম চাৰিৰ যুজঁত ভাগ্যৱতীক ফিলিপাইনছৰ হাৰ্গি বাক্ৰাডানে ৫-০ ব্যৱধানত পৰাস্ত কৰে । বিশ্বৰ অন্যতম হাই প্ৰফাইল প্ৰতিযোগিতাখনত ভাৰতৰ ৭ গৰাকী বক্সাৰ ফাইনেলত উপনীত হৈ তিনিটা শাখাত চেম্পিয়ন হয় ।


থাইলেণ্ডৰ এই হাই ভল্টেজ বক্সিং টুৰ্ণামেণ্টখনত বিশ্বৰ ১৩০ গৰাকী শীৰ্ষ বক্সাৰে অংশগ্ৰহণ কৰে । ইয়াৰ ভিতৰত ৭৪ গৰাকী পুৰুষ আৰু ৫৬ গৰাকী মহিলা । ইয়াত এছিয়া, ইউৰোপ, ওচেনিয়া আৰু আফ্ৰিকাৰ বক্সাৰে অংশগ্ৰহন কৰে

প্ৰতিযোগিতাত ভাৰতে তিনিটা সোণ চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জ সহ মুঠ ১০টা মেডেল লাভ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply