গুৱাহাটী: অসমীয়া প্ৰতিদিনে তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেটৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছে । জজ ফিল্ডত আজি অনুষ্ঠিত ফাইনেলত অসমীয়া প্ৰতিদিন দলে এন ডি-২৪ দলক ৮ উইকেটত পৰাস্ত কৰে ।

এন ডি ২৪ দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত সংগ্ৰহ কৰে ১২৭ ৰাণ । দলৰ হৈ বিকাশ ছেত্ৰী আৰু ৰাজ হুছেইন দুয়ো ৩৭ ৰাণকৈ সংগ্ৰহ কৰে । প্ৰতিপক্ষৰ মনজিৎ বাবী শৰ্মাই হেটট্ৰিক অৰ্জন কৰে । তেওঁ মাত্ৰ ১ অভাৰ বল কৰি ৪ ৰাণৰ বিনিময়ত ৩ টা উইকেট লাভ কৰে । ১ টাকৈ উইকেট দখল কৰে পুষ্পৰাজ শৰ্মা, অবিনাশ ঠাকুৰীয়া, তৌহিদ আলী তালুকদাৰ আৰু নিপন ডেকাই ।

প্ৰত্যুত্তৰত অসমীয়া প্ৰতিদিনে ১৬.১ অভাৰত মাত্ৰ ২টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । দলৰ জগজিৎ সিঙে ৪১, তৌহিদ আলী তালুকদাৰে ৩৭, ৰোমাৰিঅ’ শৰ্মাই অপৰাজিত ১২ ৰাণৰ বৰঙণি আগবঢ়ায় ।

মনজিৎ বাবী শৰ্মাই ১৫ ৰাণ কৰি থাকোতেই আঘাতৰ বাবে খেল ত্যাগ কৰে । এন ডি ২৪ দলৰ আবুদ্দিন খান আৰু অমিত বড়োৱে ১ টাকৈ উইকেট লাভ কৰে । মনজিৎ বাবী শৰ্মাই ফাইনেলৰ মেন অৱ দ্য মেচ, ৰোমাৰিঅ শৰ্মাই মেন অৱ দ্য টুৰ্ণামেন্ট আৰু শ্ৰেষ্ঠ বেটছমেন, বিকাশ ছেত্ৰীয়ে শ্ৰেষ্ঠ বলাৰৰ ট্ৰফী লাভ কৰে ।

চেম্পিয়ন দলে ট্ৰফীসহ ২৫ হেজাৰ টকা আৰু ফাইনেলিষ্ট দলে ট্ৰফীসহ ২০ হেজাৰ টকা লাভ কৰে । সামৰণিত উপস্হিত থাকি ট্ৰফীসমূহ বিতৰণ কৰে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান এল আৰ বিষ্ণ‌ই, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শ‌ইকীয়া, প্ৰাগ নিউজৰ স্বত্তাধিকাৰী সঞ্জীৱ নাৰায়ণ, ডি এ নিউজ প্লাছৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, ক্ৰীড়াবিদ কল্যাণ দাস, ট্ৰফীদাতা সুমন বডোচা, প্ৰয়াত ৰাইছমোদি নুনিচাৰ জ্যেষ্ঠ কন্যা উষা হোজাই, জোৱাই ডা: ধ্ৰুৱ হোজাই, সুকল্প ফাউণ্ডেচনৰ সঞ্চালক বিনয় চৌধুৰীয়ে ।

লগতে পঢ়ক- মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ড্ৰাগছ জব্দ,১জন আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply