লালৰেছিয়ামি

আইজল : প্ৰথমবাৰৰ বাবে অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে মিজোৰামৰ মহিলা এথলিটে। মিজোৰামৰ লালৰেমছিয়ামিয়ে এই বছৰ অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক ২০২০-ৰ ভাৰতীয় মহিলা হকী দলক প্ৰতিনিধিত্ব কৰিব।

২৫ বছৰীয়া ফৰৱাৰ্ড প্লেয়াৰ লালৰেমছিয়ামিয়ে ১৬ জনীয়া ভাৰতীয় মহিলা হকী দলটোৰ নৱাগত ৮ গৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰিছে।

আনহাতে, তেওঁৰ উপৰি এইবাৰ ভাৰতীয় মহিলা হকী দলটোত উত্তৰ-পূবৰ আন এগৰাকী খেৱুৱৈয়ে স্থান পাইছে, তেওঁ হ’ল মণিপুৰৰ সুশীলা চানু।

তেওঁলোক দুগৰাকীৰ উপৰি দলটোৰ আন সদস্যসকল হৈছে সবিতা পুনিয়া, দীপ গ্ৰে’চ এক্কা, নিকি প্ৰধান, গুৰজিট কৌৰ, উডিটা, নিশা নেহা গোয়েল, মনিকা মালিক, নৱজোত কৌৰ, শালিমা টেটে, ৰানী ৰামপাল, নৱনীত কৌৰ, বন্দনা কাটাৰিয়া আৰু শৰ্মীলা দেবী।

লালৰেমছিয়ামিয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাত আনন্দ প্ৰকাশ কৰি ৰাজ্যকখনৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই টুইটাৰত কয়, ‘মিজোৰামৰ লালৰেছিয়ামিয়ে টকিঅ’ অলিম্পিক ২০২১ত অংশগ্ৰহণ কৰিব। ভাৰতীয় মহিলা হকী দলত স্থান লাভ কৰা লালৰেছিয়ামিয়ে হৈছে প্ৰথম গৰাকী মহিলা মিজো অলিম্পিয়ান। মই #TeamIndia-ক শুভেচ্ছা জনাইছো!’

উল্লেখযোগ্য যে প্ৰবল মনোবলৰ অধিকাৰী লালৰেছিয়ামিয়ে নিজৰ পিতৃৰ সপোন পূৰ্ণ কৰিবলৈ পিতৃৰ দেহাৱসান ঘটা সত্ত্বেও জাপানৰ হিৰোশ্বিমাত অনুষ্ঠিত FIH Women’s Series ফাইনেলছত স্থান লাভ কৰাৰ বাবে এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হৈছিল।

লগতে পঢ়ক : জামিনত থাকিব পাৰিব দেৱাংগনাসহ তিনি ছাত্ৰ কৰ্মী; কিন্তু দিল্লী উচ্চ ন্যয়ালয়ৰ ৰায়ক লৈ সন্তুষ্ট নহয় উচ্চতম ন্যয়ালয়

লালৰেছিয়ামিয়ে ২০১৭ চনৰ এছিয়া কাপত স্বৰ্ণ অৰ্জন কৰা ছিনিয়ৰ ভাৰতীয় মহিলা হকী দলক প্ৰতিদ্বন্দিতা কৰাৰ উপৰি ২০১৮ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফিত ২ গ’ল দিয়াৰ লগতে প্ৰতিযোগিতাখনৰ ‘ইউ-২১ ৰাইজিং ষ্টাৰ এৱাৰ্ড’ অৰ্জণ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি একেটা বছৰতে আৰ্জেনটিনাত অনুষ্ঠিত বুয়েনোচ আইৰেছ য়ুথ অলিম্পিকত তেওঁ ভাৰতক প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন কৰাত সহায় কৰিছিল। উক্ত প্ৰতিয়োগিতাখনত লালৰেমছিয়ামিয়ে ৯ টা গ’ল স্ক’ৰ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply