নিউজ ডেস্কঃ দক্ষিণ কোৰিয়াৰ চেংৱানত অনুষ্ঠিত হৈ থকা Shooting World Cupত ভাৰতীয় শ্বুটাৰ ২১বছৰীয়া ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে অৰ্জন কৰিলে সোণৰ পদক। শনিবাৰে অনুষ্ঠিত হোৱা ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন ইভেন্টত ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে হাংগেৰীৰ জালান পেকলাৰক ১৬-১২ ব্যৱধানত পৰাস্ত কৰে। তেওঁ ৫৯৩ স্ক’ৰ সৈতে qualification round ত- শীৰ্ষস্থান দখল কৰিছিল।
ভাৰতে বৰ্তমানলৈকে আইএছএছএফ শ্বুটিং বিশ্বকাপত২০২২ত মুঠ ৯ টা পদক অৰ্জন কৰিছে তাৰে ভিতৰত ৪ টা সোণ, ৪টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক। দক্ষিণ কোৰিয়াই ৩ টা সোণ আৰু ১ টা ৰূপৰ পদক লাভ কৰিছে।
Shooting World Cup২০২২ত ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে ভাৰতলৈ আনিলে চতুৰ্থটো সোণৰ পদক। আনহাতে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতৰ অৰ্জুন বাবুটা, শ্বাহু তুষাৰ মানে আৰু পাৰ্থ মাখিজাইত কোৰিয়াক ১৭-১৫ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল। ভাৰতীয় এই তিনিওখেলুৱৈ ক্ৰমে কোৰিয়াৰ চিউনো বেং, চাংডো কিম আৰু হাজুন পাৰ্কক পৰাস্ত কৰিছিল।