বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনৰ পদকৰ তালিকাত দ্বিতীয় দিনৰ অন্তত শীৰ্ষত আছে চীন। চীনে তিনিটা সোণ, এটা ব্ৰঞ্জৰসহ মুঠ ৪টা পদক লাভ কৰিছে। ইয়াৰ পাছতেই তালিকাত দ্বিতীয় স্থানত আছে ইটালী। দেশখনে এটা সোণ, এটা ৰূপসহ মুঠ দুটা পদক লাভ কৰিছে।


দুটা পদকেৰে আয়োজক দেশ জাপানো আছে দ্বিতীয় স্থানত। জাপানে এটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰিছে। দক্ষিণ কোৰিয়াই এটা সোণ আৰু দুটা ব্ৰঞ্জসহ তৃতীয় স্থানত, ইকুৱেডৰ, হাংগেৰী, ইৰাণ, কছ’ভ আৰু থাইলেণ্ডে এটাকৈ সোণৰ পদক লাভ কৰিছে | ভাৰতে ভাৰোত্তলনত মীৰাবাই ছানুৰ জৰিয়তে দেশৰ হৈ প্ৰথমটো ৰূপৰ পদক অৰ্জন কৰি পদক তালিকাত দ্বাদশ স্থানত আছে।

আজিৰ দিনটোত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনলৈ চালে টেনিছত সুনীত নাগপালে উজবেক্স্তানৰ ডেনিছ ইষ্টমিনক ৬-৪, ৬-৭ ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউন্ডলৈ আগবাঢ়ে | ২৫ বছৰৰ পিছত ভাৰতীয় টেনিছ খেলুৱৈৰ প্ৰথমটো বিজয় |
বেডমিন্টনৰ পুৰুষৰ ডাবলছত ছাইৰাজ ৰেড্ডী আৰু চিৰাগ চেট্টিয়ে চাইনীজ টাইপেৰ যুটীক পৰাস্ত কৰে |

টেবুল টেনিচৰ ছিংগলছত মনিকা বাট্টাই ব্ৰিটেইনৰ টিন টিন হোৰ বিপক্ষে ১১-৭, ১১-৬, ১২-১০, আৰু ১১-৯ চেটত জয়লাভ কৰি পৰবৰ্তী ৰাউন্ডলৈ আগবাঢ়িছে |

আৰ্চাৰীৰ মিক্সড ইভেণ্টত ভাৰতৰ দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱৰ যাত্ৰা সমাপ্ত।
কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছে ভাৰতীয় আৰ্চাৰী যুটী। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতৰ ১৬ নং স্থান।
সাম্ভাব্য পদক লাভৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা ইলাভেনিল ভালাৰিভান ১৬ সংখ্যক স্থানতে সন্তুষ্ট থাকে।
আনহাতে আন এগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ অপূৰ্বী চাণ্ডেলাও প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।
অপূৰ্বীয়ে ৩৬ নং স্থানতে সন্তুষ্ট থাকে।১০ মিটাৰ এয়াৰ পিষ্টলত সৌৰভ চৌধুৰী প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে |

অলিম্পিকত সুদীর্ঘ ৪১ বছৰীয়া পদক জয়ৰ ব্যর্থতাৰ অন্ত পেলোৱাৰ লক্ষ্য লৈ আজি টকিঅ’ অলিম্পিকত অভিযান আৰম্ভ কৰিলে মনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় পুৰুষ হকী দলটোৱে৷

আজি অনুষ্ঠিত পুল ‘এ’ৰ মেচখনত ভাৰতীয় দলটোৱে অষ্টম বাছনিপ্রাপ্ত নিউজিলেণ্ডৰে প্রতিদ্বন্দ্বিতা আগবঢ়াই প্ৰথম খেলতে ৩-২ ব্যৱধানত বিজয় সাব্যষ্ট কৰে।
ৰূপিন্দৰ পাল ২০২০ চনৰ টকিঅ’ত গ’ল কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। উপ-অধিনায়ক হৰমনপ্ৰীত সিং আৰু ৰূপিন্দৰ পাল সিঙৰ গ’ল আৰু প্ৰথম কোৱাৰ্টাৰ শেষলৈকে পি আৰ শ্ৰীজেশৰ সুন্দৰ কিপিঙৰ সহায়ত ভাৰতে বিজয় নিশ্চিত কৰে। ভাৰতৰ এই তিনিওটা গ’ল পেনাল্টি কৰ্ণাৰৰ পৰা আহিছিল, য’ত হৰমনপ্ৰীতে দুবাৰ আৰু ৰূপিন্দৰে এবাৰ গ’ল কৰে।

লগতে পঢ়ক মীৰাবাঈ চানুৰ জৰিয়তে ভাৰতে লাভ কৰিলে টকিঅ’ অলিম্পিকৰ প্ৰথমটো পদক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply