ভাৰতীয় মহিলা হকী তাৰকাৰ জীৱন সংগ্রাম

গুৱাহাটী : টকিঅ’ অলিম্পিকত অনবদ্য প্ৰদৰ্শনে ভাৰতীয় মহিলা হকী দলে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে | বহু দশকৰ পিছত মহিলা হকী দলৰ উন্নত প্ৰদৰ্শন দেখিবলৈ পোৱা গ’ল | এই সময়তেই স্বাভাবিকতে প্ৰশ্ন আহে কি পৰিবেশৰ মাজ্ৰে গৈ আমাৰ খেলুবৈসকলে এই প্ৰদৰ্শন কৰিলে | দলৰ তিনি গৰাকী খেলুৱৈৰ ঘৰৰ পৰিৱেশ কেনেকুৱা ? কি পৰিস্থিতিৰ পৰা গৈ এই তিনি গৰাকী খেলুৱৈয়ে ভাৰতক নাম উজ্বলাবলৈ সক্ষম হ’ল।

ভাৰতীয় মহিলা দলৰ সদস্য মিজোৰামৰ লালৰেমছিয়ামি, উত্তৰাখণ্ডৰ বন্দনা কতাৰীয়া আৰু ঝাৰখণ্ডৰ চেলিমা টেটে আদি সদস্যই দৰিদ্ৰতা অথবা সামাজিক বাধাৰ মাজেৰে গৈ উজ্বলিল টকিঅ’ অলিম্পিকত।

এগৰাকী খেতিয়কৰ পৰিয়ালত জন্ম লাভ কৰা মিজোৰামৰ লালৰেমছিয়ামি
মিজোৰামৰ ৰাজধানী আইজলৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বৰ অসমৰ সীমামূৰীয়া কলাচিব জিলাৰ এজন খেতিয়ক আছিল লালৰেমছিয়ামি পিতৃ, মাতৃ আছিল গৃহিনী। লালৰেমছিয়ামি খেতিয়ক পিতৃ প্ৰতিদিনে অতি কষ্টৰে ২৫০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।২৫০ টকাৰে লালৰেমছিয়ামিৰ পিতৃ-মাতৃয়ে ৭ গৰাকীকৈ ভাতৃ-ভগ্নীক পোহপাল দিছিল।

১১ বছৰ বয়সত হকী খেলৰ প্ৰতি আগ্ৰহী হোৱা লালৰেমছিয়ামি পিতৃৰ উপাৰ্জনেৰে হকীৰ প্ৰশিক্ষণ লোৱাটো একেবাৰেই সম্ভৱ নাছিল। ঘৰৰ পৰা ৮৪ কিলোমিটাৰ দূৰত্বত থকা প্ৰশিক্ষণ কেন্দ্ৰলৈ নিজ কন্যাক প্ৰশিক্ষণ গ্ৰহণৰ বাবে প্ৰেৰণ কৰাত লালৰেমছিয়ামিৰ পিতৃ অপাৰগ যদিও পিতৃ-মাতৃৰ আগত হকীৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। অৱশেষত প্ৰশিক্ষণ কেন্দ্ৰৰ হোষ্টেলত থকাটো বিনামূলীয়া হোৱাৰ বাবে লালৰেমছিয়ামিৰ পিতৃয়ে তাইক হকীৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰে।

১১ বছৰ বয়সত হকীৰ প্ৰশিক্ষণ আৰম্ভ কৰা লালৰেমছিয়ামি ২০১৬ চনত দিল্লীৰ ৰাষ্ট্ৰীয় হকী একাডেমীত যোগদান কৰে। ২০২০ টকিঅ’ অলিম্পিকত ইতিহাস ৰচনা কৰি দলত অন্তভুক্ত হ’বলৈ সক্ষম হৈছিল মিজোৰামৰ এইগৰাকী হকী খেলুৱৈ লালৰেমছিয়ামি। টকিঅ’ অলিম্পিকত লালৰেমছিয়ামি অংশগ্ৰহণ আৰু প্ৰদৰ্শনৰ বাবে মিজোৰাম চৰকাৰে লালৰেমছিয়ামিক চৰকাৰী চাকৰি আৰু থকাৰ বাবে ভূমি প্ৰদান কৰিব। মিজোৰাম মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছে। ইয়াৰ লগতে নগদ ধন আগবঢ়াইছে মিজোৰাম চৰকাৰে |

টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ হেট্ৰিক অর্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল উত্তৰাখণ্ডৰ বন্দনা কতাৰীয়া। কোৱাৰ্টাৰ ফাইনেলত শক্তিশালী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হেট্ৰিক অর্জন কৰা বন্দনা কতাৰীয়া ভাৰতৰ প্ৰথম গৰাকী মহিলা হকী খেলুৱৈ। অলিম্পিকত হেট্ৰিক অর্জন কৰি দেশৰ নামৰ উজ্বলাই তোলা বন্দনাৰ প্ৰদৰ্শন দেশবাসীয়ে শলাগ লৈছে যদিও সমাজৰ একাংশ লোকে বন্দনাৰ সাফল্য গ্ৰহণযোগ্য নহ’ল। জাতিবাদৰ বলি হ’ব লগীয়া হ’ল বন্দনাৰ পৰিয়াল।

অহা ১৫ আগষ্টত ভাৰতে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। কিন্তু স্বাধীনতা ৭৫ বছৰ পিছতো ভাৰত এতিয়াও জাতিবাদৰ শিকলিৰে বান্ধ খাই আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হোৱা এগৰাকী খেলুৱৈ যদি জাতিবাদৰ বলি হ’বলগীয়া হয় তেন্তে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ অৱস্থা কি হ’ব ইয়াক সহজে বুজিব পাৰি। টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলত ভাৰতীয় মহিলা হকী দল পৰাস্ত হোৱাৰ পিছত বন্দনাৰ হৰিদ্বাৰস্থিত বাসগৃহৰ সন্মুখত কেইজনমান লোকে বন্দনাৰ জাতি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল।

অলিম্পিক দৰে খেলত অংশগ্ৰহণ কৰি দেশৰ নাম উজ্বলাই তোলা এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা হকী খেলুৱৈ জাতিবাদৰ বলি হোৱা ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।

এইটো ঘৰুৱা পৰিবেশৰ মাজতে উজ্বলিল ঝাৰখন্ডৰ চেমিলা টেটে

টকিঅ’ অলিম্পিকত উজ্বলি উঠিবলৈ সক্ষম হোৱা ভাৰতীয় মহিলা দলৰ খেলুৱৈ সকলৰ মাজৰে এগৰাকী হ’ল চেলিমা টেটে। ঝাৰখণ্ডৰ চেমিলাৰ টেটেৰ পিতৃ সুলক্ষণ টেটে এগৰাকী হকী খেলুৱৈ আছিল যদিও চেলিমা দৰিদ্ৰতাৰ মাজেৰে হকী জীৱনৰ পাতনি মেলিছিল। চেলিমাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় যে বৰ্তমানৰ এই সময়তো চেলিমাৰ ঘৰত নাই এটা টেলিভিছন। টকিঅ’ অলিম্পিকত ভাৰতীয় মহিলা দলৰ লগতে চেলিমাৰ উন্নত প্ৰদৰ্শনৰ পিছতে চেমিলাৰ ঘৰত জিলা প্ৰশাসনে টেলিভিছনৰ ব্যৱস্থা কৰে।

লগতে পঢ়ক :  আদৰ্শ কৃষক পিতৃৰ পদাংক অনুকৰণ কৰি দুই যুৱকে মৎস্য পালনৰে দেখুৱাইছে আদৰ্শ

৪ আগষ্টত জিলা প্ৰশাসনে চেলিমাৰ ঘৰত টেলিভিছন লগাই দিয়াৰ পিছতে চেলিমাৰ পিতৃ-মাতৃয়ে প্ৰথমবাৰৰ বাবে টেলিভিছনত কন্যাৰ খেল উপভোগ কৰে। বিশ্বৰ অন্যান্য দেশ সমূহৰ তুলনাত ভাৰতৰ মহিলা দলৰ এই সকল খেলুৱৈ উন্নত সা-সুবিধাৰ পৰা বঞ্চিত যদিও আন্তঃৰাষ্ট্ৰীয় স্তৰত এই সকল খেলুৱৈয়ে ভাৰতৰ নাম উজ্বলাই তুলিলে। টকিঅ’ অলিম্পিকত ভাৰতীয় মহিলা হকী দলে পদক আজুৰি আনিবলৈ সক্ষম নহলেও ভাৰতবাসীৰ হৃদয় বিজয় কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply