বক্সাৰ মেৰীকমৰ জয়লাভ

জয়েৰে অলিম্পিকত যাত্ৰা আৰম্ভ কৰিলে পি ভি সিন্ধুয়ে।
মহিলা ছিংগলছ শাখাত ইজৰাইলৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলে পি ভি সিন্ধুয়ে।
২৯মিনিটত ২১-৭ আৰু ২১-১০ পইন্টৰ ব্যৱধানত এই জয় লাভ কৰে পি ভি সিন্ধুয়ে।
পৰৱৰ্তীখেল খন পি ভি সিন্ধু মুখামুখি হ’ব হংকঙৰ এনগানৰ সৈতে।
২৭ জুলাইত অনুষ্ঠিত হব এই খেল।

টকিঅ অলিম্পিকত অপ্ৰতিৰোধ্য মেৰী কম।
প্ৰথমখন মেচত জয়লাভ কৰিছে মেৰী কমে।
প্ৰতিদ্বন্দ্বী ডমিনিকান ৰিপাব্লিকৰ গাৰ্চিয়া হাৰ্নাণ্ডেজক পৰাভূত কৰিলে মেৰী কমে।
৪-১ ব্যৱধানত জয়লাভ কৰিছে মেৰীকমে। প্ৰি কোৱাটাৰ ফাইনেলত উপনীত হোৱা মেৰীকমৰ পৰা বহু আশা ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ ।
আনহাতে টেবুল টেনিচত ভাৰতৰ মনিকা বাট্টাই তৃতীয় ৰাউন্ডত উপনীত হৈছে । ইউক্ৰেইনৰ খেলুৱৈক পৰাস্ত কৰি তৃতীয় ৰাউন্ডলৈ আগবাঢ়ে মনিকা | ৰৱিং টীম ইভেন্টত অৰ্জুন লাল আৰু অৰবিন্দ সিং যুটী ছেমি ফাইনেললৈ আগবাঢ়ে ।

গেম ভিলেজত দুই মণিপুৰৰ তাৰকা

ইয়াৰ বাহিৰে সকলো শ্বুটিং খেলুৱৈৰ প্ৰদৰ্শন আছিল হতাশজনক । চানিয়া মিৰ্জা আৰু অংকিতা ৰেইনাৰ যুটীয়েও পৰাজয়ৰ মুখ দেখে | একমাত্ৰ জিমনাষ্ট প্ৰণতি নায়কো আগবঢ়াত ব্যৰ্থ হয় । পুৰুষৰ হকীত ৭-১ ব্যবধানত অষ্ট্ৰেলিয়াৰ সৈতে পৰাস্ত হয় ভাৰত ।

লগতে পঢ়ক ক্ষুদ্ৰ চাহ খেতিয়কৰ আকৌ একেই বিননী, নুশুনে চৰকাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply