টকিঅ’ অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান দিন । বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খন অনুষ্ঠিত হ’ব নে নাই তাক লৈ চলি থকা অনিশ্চয়তাৰ মাজতে আহিছে কিছু ভাল খবৰ । প্ৰতিযোগিতাৰ এমাহৰ আগতে অহা ২০ জুনত টকিঅ’ৰ ভাইৰাছ জৰুৰী অৱস্থা উঠাই লোৱাৰ পৰিকল্পনা কৰিছে, জাপান চৰকাৰে । ইয়াৰ উপৰিও অলিম্পিক প্ৰতিযোগিতাস্থলীত ১০ হাজাৰ দৰ্শক উপস্থিত থকাৰ ব্যৱস্থা কৰিব জাপান চৰকাৰে।
টকিঅ’ লগতে দেশ খনৰ আন কেইবাটাও অংশত ২৫ এপ্ৰিলৰ পৰা ভাইৰাছৰ জৰুৰীকালীন অৱস্থা চলি আছে, যাৰ ফলত বাৰ আৰু ৰেষ্টুৰেণ্টসমূহ সোনকালে বন্ধ হ’বলৈ বাধ্য হৈছে আৰু তেওঁলোকক সুৰা বিক্ৰী কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ ম্যাদ ২০ জুনত শেষ হ’ব, আৰু জাপানৰ কৰোনা ভাইৰাছৰ তদাৰক কৰি থকা মন্ত্ৰীজনে কৈছিল যে চৰকাৰে টকিঅ’ আৰু আন নটা অঞ্চলৰ নিষেধাজ্ঞা কিছু শিথিল কৰিবলৈ চেষ্টা কৰিব।
বৃহস্পতিবাৰে জাপানৰ চৰকাৰ আৰু স্বাস্থ্য বিশেষজ্ঞৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত দেশখনৰ জৰুৰী অৱস্থা বৰ্তী থকা অঞ্চলত কি কি ক্ষেত্ৰত প্ৰতিবন্ধকতা আঁতৰাব পাৰি সেই বিষয়ত মতামত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি টকিঅ’ সহিতে দেশখনৰ আন কেইবাটাও প্ৰান্তত নিশা ৮ বজালৈকে খুলি দিয়া হৈছে ৰেষ্টুৰেণ্ট। আনহাতে ৭ বজালৈকে সুৰাৰ দোকান খুলাৰ অনুমতি প্ৰদান কৰা হৈছে।
বিদেশী ক্ৰীড়াপ্ৰেমী সকলক ইতিমধ্যে প্ৰথমবাৰৰ বাবে গেমছৰ পৰা নিষিদ্ধ কৰা হৈছে, আৰু অনাগত দিনবোৰত ঘৰুৱা দৰ্শকৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক ধৰ্ষণত অভিযুক্ত আই আই টি গুৱাহাটীৰ ছাত্ৰৰ জামিন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে