অলিম্পিকৰ বাবে সাজু টকিঅ'

নিউজ ডেস্ক: উদ্ধোধনী অনুষ্ঠানলৈ মাজত এটা দিন আছে যদিও অনিশ্চয়তাৰ মাজেৰে আৰম্ভ হৈছে অলিম্প্কৰ প্ৰৈৰম্ভিক ৰাউন্ডৰ খেলসমূহ । ইতিমধ্যে তিনিজনকৈ খেলুৱৈসহ ৭০ জনতকৈও অধিক বিদেশী লোকৰ দেহত ক’ভিড পোৱাৰ বাবেই অনিশ্চয়তাত থকা বিষয়টো এতিয়া কিছু শাম কাটিছে ।

এইবাৰ ট’কিঅ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত মাত্ৰ ৪৪ জন ভাৰতীয় খেলুৱৈকহে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে।

টীম ইন্ডিয়াৰ মেনেজমেন্টে উদ্ধোধনী অনুষ্ঠানৰ পিছদিনা খেলত অংশগ্রহণ কৰিবলগা খেলুৱৈসকলক উদ্ধোধনী অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈ জনাইছে। উদ্বোধনী অনুষ্ঠানত ভাৰতৰ ৪৪ জনীয়া দলটোৰ লগত ৬ জন বিষয়া উপস্থিত থাকিব।

ভাৰতীয় অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ মেহতাই প্ৰকাশ কৰা মতে কোনো পৰিস্থিতিতে খেলুৱৈসকল ক’ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা থকা অঞ্চলৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰা হৈছে । সেইকাৰণেই উদ্বোধনী অনুষ্ঠানত খেলুৱৈ আৰু বিষয়াসকলৰ সৈতে মাত্ৰ ৫০ জন লোককহে অংশগ্রহণ কৰাৰ অনুমতি প্রদান কৰা হৈছে।

জিমনাষ্ট প্ৰণতি নায়ক

এই সম্পৰ্কে প্ৰশিক্ষক আৰু দলৰ মুৰব্বীসকলৰ লগত আলোচনা কৰাৰ পিছতহে লোৱা হয় । টকিঅ’ অলিম্পিকত ১২৫ জনতকৈও অধিক ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে আৰু ভাৰতীয় দলটোত বিষয়া, প্ৰশিক্ষক, পেৰামেডিক্স আৰু বৈকল্পিক খেলুৱৈসহ ২২৮ জন সদস্য আছে।”

আনহাতে, ভাৰতীয় দলৰ উপ-মুৰব্বী প্ৰেম কুমাৰ বাৰ্মাই কয় যে, “প্ৰতিখন দেশৰ ছয়জন বিষয়াক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছে কিন্তু খেলুৱৈৰ সংখ্যাৰ ওপৰত কোনো বাধা নাই।” ভাৰতীয় যিসকল খেলুৱৈ পিছদিনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব সেইসকল খেলুৱৈক উদ্ধোধনী অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ”

আৰ্চাৰী দলৰ প্ৰস্তুতি টকিঅ’

ট’কিঅ অলিম্পিকৰ উদ্ধোধনী অনুষ্ঠানত বক্সাৰ এম চি মেৰী কম আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে ভাৰতৰ পতাকা লৈ বহন কৰিব । আনহাতে প্ৰথমদিনা অংশগ্রহণ কৰিব লগা শ্বুটাৰ সৌৰভ চৌধুৰী, অভিষেক বাৰ্মা, এলাভেনিল ভালৰিৱান, অপূৰ্বী চান্দেলা আদি বক্সাৰ, আৰ্চাৰ আৰু মহিলা আৰু পুৰুষ হকী খেলৰ খেলুৱৈসকলক উদ্বোধনী অনুষ্ঠানৰ পৰা বিৰত ৰখা হ’ব। আনহাতে ২৪ তাৰিখে প্ৰতিযোগিতাত প্ৰথমখন খেলত অংশ ল’ব লাভলীনা বৰগোঁহাইয়ে ।উদ্ধোধনী অনুষ্ঠানৰ পিছ দিনাই খেল থকাৰ বাবে লাভলীনাই উদ্ধোধনী অনুষ্ঠানত অংশ নলয় |

লগতে পঢ়ক চাৰিদুৱাৰৰ পৰা হায়দৰাবাদলৈ ৰপ্তানি অসমৰ থলুৱা ফলমূল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply