আজিৰ দিনটোত ভাৰতীয় এথলীটসকলৰ প্ৰদৰ্শনলৈ লক্ষ্য কৰিলে দেখা যায়
টেবল টেনিছত পুৰুষৰ এককৰ ২য় ৰাউণ্ডত আচিন্ত শৰৎ কমলে পর্টুগালৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে জয়লাভ । আর্চাৰীত পুৰুষৰ দলীয় শাখাত অতনু দাস, প্ৰবীণ যাদৱ, তৰুণদীপ ৰায়ৰ কাজখাস্থানৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে জয়, এতিয়া পৰৱর্তী খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা হ’ব ।
ফেন্সিঙৰ ৰাউণ্ড অৱ ৩২ত মহিলাৰ ভৱানী দেৱীৰ ফ্ৰান্সৰ বিশ্বৰ তৃতীয় বাচনিৰ মানন ব্ৰুনেটৰ বিৰুদ্ধে পৰাজয় হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয় । ভৱানী দেৱী হ’ল প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে অলিম্পিকৰ ফেন্সিঙত অংশগ্ৰহণ কৰিছে আৰু প্ৰথমখন খেলত টুনিচিয়াৰ নাডিয়া বেন আজিজিৰ বিপক্ষে ১৫-৩ ব্যৱধানত বিজয় সাবস্ত্য কৰি প্ৰি কোৱাটাৰ ফাইনেললৈ আগবাঢ়িছিল । পৰাজয়ৰ পিছত ভৱানীয়ে কয়, তেও ২০২৪ ৰ পেৰিচ অলিম্পিকত পদক লাভ যুঁজত নামিব ৷ দেশৰ প্ৰথম গৰাকী ফেন্সাৰ ৰূপে অলিম্পিকত অংশ ল’বলৈ পাই যথেষ্ট সুখী বুলি মন্তব্য কৰে ৷

আনহাতে টেবল টেনিছৰ মহিলাৰ এককৰ ২য় ৰাউণ্ডত সুতীর্থা মুখার্জী পর্টুগালৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ১১-৩,১১-৩,১১-৫ আৰু ১১-৫ মুঠ ৪-০ ব্যবধানত পৰাজিত হয় । বেডমিন্টনত পুৰুষৰ ডাবলছৰ শাখাত সত্ত্বিকছাই ৰাজ ৰনকিৰেদ্দী আৰু চিৰাগ চেট্টীৰ দল ইণ্ডোনেছিয়াৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে পৰাজিত হয় । আর্চাৰী পুৰুষৰ দলীয় শাখাৰ কোৱার্টাৰ ফাইনেলত অতনু দাস, প্ৰবীণ যাদৱ, তৰুণদীপ ৰায় দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পৰাজিত হয় । পুৰুষৰ স্কিট শ্বুটিং যোগ্যতা নির্ণয়কাৰী খেলত অংগদ বীৰ সিং বাজৱা আৰু মাইৰাজ আহমেদ খান ফাইনেলত স্থান লাভত ব্যর্থ হয় ।
টেবল টেনিছৰ ৩য় ৰাউণ্ডত ভাৰতৰ মণিকা বাট্ৰা অষ্ট্ৰিয়াৰ প্ৰতিদ্বন্দিৰ হাতত ৪-০ ব্যাবধনত পৰাজিত হোৱাত টেবুল টেনিছ ভাৰতীয় মহিলাৰ যাত্ৰা সমাপ্ত হয় ৷ আনহাতে টেনিছত পুৰুষৰ একক শাখাত সুমিত নাগাল ৰাছিয়াৰ প্ৰতিদ্বন্দিৰ বিৰুদ্ধে পৰাজিত হৈ টেনিছতো ভাৰতৰ যাত্ৰাৰ সামৰণি পেলাই ৷
বক্সিঙত পুৰুষৰ ৬৯-৭৫ কেজিত আশিস কুমাৰ চীনা প্ৰতিদ্বন্দীৰ বিৰুদ্ধে পৰাজিত হোৱাৰ লগতে সাঁতোৰৰ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাইত সাজন প্ৰকাশ হীট ২ত ১মিনিট ৫৭.২২ চেকেণ্ডৰে চতুর্থ স্থান পাই চেমি ফাইনেলত স্থান লাভত ব্যর্থ হয় ৷
লগতে পঢ়ক অসম-মিজোৰাম সীমা সমস্যা লৈ দুই মুখ্যমন্ত্ৰীৰ আন এক যুদ্ধ