টকিঅ অলিম্পিকত ভাৰতীয় মহিলা হকী দলে ৪-৩ গ’লত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক। খেলখন ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল কিয়নো পৰাজয় মানেই বিদায়। তেনে ক্ষণত জিলিকি উঠিল ভাৰতীয় মহিলা হকী দলটো।
ভাৰতে দক্ষিণ আফ্ৰিকাক ৪-৩ ব্যৱধানত পৰাস্ত কৰাৰ মূলতেই আছিল বন্দনা কতাৰিয়া।

বন্দনাই খেলখনত ৩টা গ’ল দিবলৈ সক্ষম হয়। বন্দনাই হৈছে দেশৰ প্ৰথমগৰাকী খেলুৱৈ যিয়ে অলিম্পিকত হেট্ৰিক অৰ্জন কৰে। সন্ধিয়ালৈ গ্ৰেট ব্ৰিটেইনৰ হাতত আয়াৰলেণ্ড পৰাজিত হ’লে বা খেল দ্ৰ হ’লে কোৱার্টাৰ ফাইনেল পাব ভাৰতে ।

টকিঅ’ অলিম্পিকত মহিলাৰ ডিছকাছ থ্ৰ’ ত ফাইনেললৈ আগবাঢ়িছে ভাৰতৰ কমলপ্ৰীত কৌৰ । প্ৰাথমিক ৰাউন্ডত ৩১ গৰাকী মহিলাই দলিয়াইছিল ডিছকাছ । ৬৪ মিটাৰ দলিয়াই ফাইনেললৈ আগবাঢ়িছে কমলপ্ৰীত ।

শ্বুটিং ৫০ মিটাৰ ৰাইফল থ্ৰী কোৱালিফিকেশ্যন শাখাত তেজশ্বিনী ছাৱন্ত, অঞ্জুম মুডগিল ফাইনেলত উপনীত হোৱাত ব্যৰ্থ হয় । বক্সিঙত পুৰুষৰ ফ্লাইৱেইট ৰাউণ্ড ১৬ত অমিত পাংঘাল কলম্বিয়াৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে পৰাজিত হয় । আর্চাৰীত পুৰুষৰ ব্যক্তিগত শাখাত ১/৮ এলিমিনেচন ৰাউণ্ডত অতনু দাস জাপানৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে পৰাজিত হয় ।

লগতে পঢ়ক উচ্চত মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply