নিউজ ডেস্কঃ হাতত কুৰ্চা-শলা লৈ চুৱেটাৰ গুঠি থকা এগৰাকী অলিম্পিক চেম্পিয়নৰ ফটো ভাইৰেল হৈ পৰিছে বিভিন্ন সামাজিক মাধ্যমত। অলিম্পিক চেম্পিয়ন আৰু ঊল গুঠাৰ মাজত কি সম্পৰ্ক সকলোৰে মনত হয়তো প্ৰশ্নৰ উদ্ভৱ হৈছে।
পিছে টকিঅ’ অলিম্পিকত দেখা এই দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে। দেওবাৰে মহিলাৰ স্প্ৰীংবৰ্ড ডাইভিং খেল চলি থকা অৱস্থাত বৃটিছ সাঁতোৰবিদ টম দেলিক দেখা গৈছিল অলিম্পিক খেল উপভোগৰ মাজে মাজে ঊল গুঁঠি থকা।
সোমবাৰে পুনৰ টমক দেখা গ’ল বগা ঊলেৰে নতুন কিবা এটা গুঁঠি থকা।
পিছে এইয়া হৈছে ডাইভিঙত টমে লাভ কৰা সোণৰ মেডেলটো ৰাখিবলৈ ঊলেৰে গুঠি আছে এটি অকণমানি মোনা। ইতিমধ্যে টম দেলিয়ে অলিম্পিক খেলৰ মাজতে ইনষ্টাগ্ৰামৰ অতি জনপ্ৰিয় কুকুৰ ফ্ৰেন্স বুলডগ ইজি দ্য ফ্ৰেন্সি বাবে গুলপীয়া ৰঙৰ চুৱেটাৰ উলিয়াইছে।
আচলতে খেলত প্ৰতিদ্বন্দিতাৰ বাবে হোৱা তীব্ৰ উত্তেজনা আৰু চাপৰ মাজত নিজক শান্ত কৰি ৰাখিবলৈ টমে এইদৰে ঊল গুঠি থাকে বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনায়।
উল্লেখ্য যে, টকিঅ’ অলিম্পিকত টম ডেলীয়ে মেট্টী লী সৈতে মিলি পুৰুষৰ ১০ মিটাৰ স্প্ৰীংব’ড ড্ৰাইভিঙত স্বৰ্ণ জয় কৰিছে ।
তৃতীয় লিংগৰ টম ডেলীয়ে আমেৰিকান অস্কাৰ বিজয়ী চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক ডাষ্টিন লান্স ব্লেকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।
পিছে ডেলী বিশেষ ভাবে চৰ্চাত থাকে ষ্টেডিয়ামত মহিলাৰ ৩ মিটাৰ স্পীংব’ৰ্ড ড্ৰাইভিংঙৰ খেল উপভোগ কৰি থকা সময়ত নিজা সন্তানৰ বাবে চুৱেটাৰ গুঠি থকাক লৈ ।
তিনিবাৰকৈ বিশ্ব চেম্পিয়ন হোৱা টমে ২০১২চনত লণ্ডনত আৰু ২০১৬ চনত ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
লগতে পঢ়কঃটকিঅ’ অলিম্পিকত কাটাৰৰ মুটাজৰ মহানুভৱতাত মুগ্ধ বিশ্বৰ ক্ৰীড়াপ্ৰেমী