বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ সাজু হৈছে ভাৰত৷ প্রায় ১৯০জনীয়া এটা শক্তিশালী দলে মেগা ইভেণ্টখনত দেশক প্রতিনিধিত্ব কৰিব৷ ইয়াৰে প্রায় ১২৫–১৩০গৰাকী এথলীট আৰু আনসকল প্রশিক্ষক তথা বিষয়ববীয়া থাকিব৷ টকিঅ’ অলিম্পিকলৈ মাজত মাথোঁ ৫০টা দিন বাকী থকা অৱস্থাত এই কথা প্রকাশ কৰে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দৰ বাট্রাই৷ এইবাৰ অলিম্পিকত প্ৰথমজন অসমীয়া হিচাবে চীফ দ্য মিছন নিৰ্বাচিত হৈছে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য৷
অলিম্পিকৰ বাবে ভাৰতীয় খেলুৱৈৰ জার্ছী মুকলি অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে অহা দুই–তিনি সপ্তাহৰ ভিতৰত পুনৰ ২৫–৩০গৰাকী ভাৰতীয় খেলুৱৈয়ে অলিম্পিকলৈ যোগ্যতা অর্জনৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টখনলৈ এতিয়ালৈকে ভাৰতৰ ১০০গৰাকী এথলীটে যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে ৫৬জন পুৰুষ আৰু ৪৪গৰাকী মহিলা এথলীট৷ ইফালে, অলিম্পিক সন্থাৰ মুৰব্বী বাট্রাই আশা প্রকাশ কৰে যে এইবাৰ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যাই দহকৰ ঘৰ স্পর্শ কৰিবলৈ সক্ষম হ’ব৷
লগতে পঢ়ক নিটি আয়োগৰ উন্নয়নৰ তালিকাত অসমৰ স্থান সৰ্বনিম্ন; সু-স্বাস্থ্য আৰু লিংগ সমতাত দেশৰ ভিতৰতে অন্তিম