নিউজ ডেস্ক: টকিঅ’ অলিম্পিক চাবলৈ যাম বুলি ভাবি থকা বিদেশী ক্ৰীড়া প্ৰেমী সকলৰ আশাত চেঁচা পানী পৰিল । টকিঅ’ অলিম্পিকত বিদেশী দৰ্শকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আয়োজক সমিতিয়ে।
অহা ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে প্ৰতিযোগিতাখনৰ আয়োজন সম্পূৰ্ণ কৰিছে আয়োজক সমিতিয়ে । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থা, জাপান চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় পেৰালম্পিক সমিতি আৰু স্থানীয় আয়োজকৰ মাজত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতেই এই সিদ্ধান্ত লোৱা হয়।
মহামাৰী কৰ’ণাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিদেশী পৰ্যটকৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে জাপানৰ জনতাইও প্ৰতিযোগিতাখনত বিদেশী পৰ্যটকৰ উপস্থিতিৰ বিৰোধিতা কৰি আহিছিল।
টকিঅ’ আয়োজন সমিতিয়ে প্ৰকাশ কৰা মন্তব্যত কয়, ‘জাপানৰ সকলো পক্ষই এই সিদ্ধান্তত উপনীত হৈছে যে অলিম্পিক আৰু পেৰালিম্পিক গেমছৰ সময়ত তেওঁলোকক জাপানত প্ৰৱেশ দিয়া নহ’ব’। ইতিমধ্যে আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়েও আয়োজক জাপানৰ এই সিদ্ধান্ত সন্মতি জনাইছে।
উল্লেখ্য যে জাপানত কভিড-১৯ৰ ফলত এতিয়ালৈকে ৮,৮০০ জন লোকে প্ৰাণ হেৰুৱাইছে। অন্য দেশতকৈ জাপানে কৰ’ণা নিয়ন্ত্ৰণত যথেষ্ট সফল হৈছে। অলিম্পিকৰ সময়ত বিদেশী পৰ্যটক আহি পৰিস্থিতি অধিক ভয়াবহ কৰি যাতে তুলিব নোৱাৰে তাৰ বাবেই এই সিদ্ধান্ত লোৱা হয় ।