প্ৰতিনিধিত্বমূলক ছবি

দিন ওচৰ চাপি অহাৰ লগে লগে অনিশ্চয়তাত টকিঅ’ অলিম্পিক ২০২১ |
ক’ভিড মহামাৰীৰ বাবেই টকিঅ’ অলিম্পিক গেমছ ২০২০ নিৰ্ধাৰিত সময়তকৈ এবছৰ পিছুৱাই ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ নতুন সময়সূচী নিৰ্ধাৰণ কৰিছিল। কিন্তু বিশ্বৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰো পুনৰ অনিশ্চিয়তাত অলিম্পিক গেমছ।

জাপানত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ উপৰি দেশখনৰ সত্তৰ শতাংশ জনসাধাৰণে জাপানত অলিম্পিক বাতিল কৰাৰ আহ্বান জনাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। ইয়াৰ মাজতে আই অ’ চি আৰু আয়োজকসকলে টকিঅ’ চহৰতে জৰুৰীকালীন অৱস্থা বাহাল থকাৰ সময়তো আগন্তুক ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অলিম্পিক গেমছ অনুষ্ঠিত কৰিবৰ বাবে সাজু হৈছে।

ইফালে, জাপানৰ শীৰ্ষ চিকিৎসা উপদেষ্টাৰ দলে অলিম্পিকৰ খেলবোৰ ‘চুপাৰস্প্ৰেডাৰ’ লৈ পৰ্যবেশিত হ’লে় জাপানৰ চিকিৎসা ব্যৱস্থাই কেনেদৰে মোকাবিলা সেই লৈ চিন্তাচৰ্চা আৰম্ভ কৰিছে। দেশখনৰ সাধাৰন জনসাধাৰনে ক’ভিড পৰিস্থিতিতিৰ মাজত অলিম্পিক গেমছ আয়োজনক লৈ সহজভাৱে ল’ব পৰা নাই।

লগতে পঢ়ক গোলাঘাট জিলাত হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply