ৰূপহীহাট : চাউথ এছিয়ান গেইমছত ভাৰতীয় ভলীবল দলে সোণৰ পদক লাভ কৰা দলটোৰ দুই খেলুৱৈ তথা জুৰীয়া অঞ্চলৰ প্ৰতিভাৱান যুৱক আজমল কবিৰ আৰু আমিৰ হুছেইনক সম্বৰ্ধনা জনায় ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই। জুৰীয়াৰ আলিটাঙনী গাঁৱৰ আজমল কবিৰ আৰু উদমাৰী গাঁৱৰ আমিৰ হুছেইনক বিধায়ক গৰাকীয়ে গামোচা, জাপি আৰু ফোলৰ থোপাৰে সম্বৰ্ধনা জনায়।
বিধায়ক গৰাকীয়ে পিছত সংবাদ মাধ্যমৰ আগত কয় যে জুৰীয়া অঞ্চলৰ এই দুই যুৱকক খেলৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ বাবে তেওঁ সকলো প্ৰকাৰ সহায় কৰিবলৈ প্ৰস্তুত। তেওঁ খেলুৱৈ দুগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামণা কৰি তেওঁলোকে খেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ নাম বিশ্বৰ বুকুত উজলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।
লগতে পঢ়ক : ৰাজকন্যা গোচৰৰ চাৰ্জশ্বিট দাখিল; নাম নাই তাজ ভিভান্তা, পংকজ সাধনিদাৰৰ
উল্লেখ্য যে স্বৰ্ণ কণ্যা হীমা দাসৰ জন্মস্থান ধিঙৰ কাষৰীয়া অঞ্চল জুৰীয়াৰ পৰা পুনৰ আন দুজন খেলুৱৈয়ে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ সুনাম কঢ়িয়াই অনাত পৰিয়ালটোৰ লগতে অঞ্চলবাসীক উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। খেলুৱৈ দুজন গৃহ অঞ্চল জুৰীয়াত উপস্থিত হোৱাৰ পিছত উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। তদুপৰি খেলুৱৈ দুজনক প্ৰশিক্ষণ গ্ৰহণ কৰা ধিং গাঁও ভলীবল কʼচিং কেন্দ্ৰতো জনোৱা হয় বিপুল সম্বৰ্ধনা।