নিউজ ডেস্কঃ অসমত অনুষ্ঠিত হ’ব ছোৱালীৰ ১৭ বছৰ অনুৰ্দ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৮ জুনৰ পৰা ৪ জুলাইলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। নেহৰু ষ্টেডিয়াম, সৰুসজাই ষ্টেডিয়াম, পল্টন বজাৰৰ ছাই খেলপথাৰ, সোণাপুৰৰ LNIP আৰু ওদালগুৰিৰ ডিমাকুচিত অনুষ্ঠিত হ’ব খেলসমূহ। ৩৪খন ৰাজ্যৰ জুনিয়ৰ ছোৱালী ফুটবল দলে অংশগ্ৰহণ কৰিব। মুঠ ৮টা গ্রুপত ভাগ কৰা হৈছে দলসমূহক।
লগতে পঢ়কঃজ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত কনিষ্ঠ ভাতৃ
অসমে হাৰিয়ানা, পুডুচেৰী আৰু গুজৰাটৰ সৈতে গ্ৰুপ ‘জি’ত স্থান লাভ কৰিছে। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ অনুষ্ঠিত হ’ব সৰুসজাই আৰু সোণাপুৰৰ LNIP ত। ছেমি ফাইনেল দুখন আৰু ফাইনেলখেল অনুষ্ঠিত হ’ব সৰুসজাইত। অসম ফুটবল সন্থাৰ সহযোগত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে আয়োজন কৰিব এই প্ৰতিযোগিতা।ডিমাকুচিত অসম ছোৱালী দলটোৰ নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ আছে।