গুৱাহাটী : অসম টেনিছ সন্থাৰ উদ্যোগত সোমবাৰৰ পৰা গুৱাহাটীৰ চচল টেনিছ প্রকল্পত আৰম্ভ হৈছে অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযােগিতা। উল্লেখ্য যে ১৬ বছৰ অনূর্ধ প্রতিযােগিতাখনত ল’ৰা-ছােৱালীৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচ অনুষ্ঠিত হয় আৰু জয় অর্জন কৰা সকলাে খেলুৱৈয়ে প্রিকোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বৰষুণৰ বাবে দুঘণ্টা মেচ বন্ধ ৰাখিব লগা হয় যদিও অসম টেনিছ সন্থাই প্রথম দিনাৰ সূৰ্টীৰ সকলাে মেচে সমাপ্ত কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে প্রত্যাসিতভাবে বেংকিঙৰ শীর্ষস্থানৰ খেলুৱৈয়ে জয় অর্জন কৰি অগ্রগতি লাভ কৰিছে। একমাত্র অঘটনটো হ’ল ল’ৰাৰ অষ্টম বাচনিৰ তামিলনাড়ুৰ ডাবিন মেক্স প্রথম ৰাউণ্ডতে বিদায় লৈছে। কর্ণাটকৰ ছেহাজ সিঙে ৬-১, ৬-০ ৰ ব্যৱধানত পৰাস্ত কৰে মেক্সক। প্রথম ৰাউণ্ডৰ অন্য মেচৰ ফলাফল অনুসৰি ওডিছাৰ দেৱাশীষ ছান্থই ৬-১, ৬-০ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ আলমাছ ইবন আহমেদক। পঞ্জাৱৰ উদয় সিং বাট্রাই ৬-৩, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ অভিলাষ বনিকক। বংগৰ ইথান লীয়ে ৬-২, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ বিক্রমাদিত্য মহন্তক। মনিপুৰৰ শ্বনকেৰ হেইছনামে ৬-৩, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ বেদ আদিত্য কলিতাক। মহাৰাষ্ট্রৰ নীৰ ৰিংগানগ’রেনকাই ৬-২, ৪৬, ৬-১ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ ভাসন্ত পি বৰাক। অসমৰ অন্তৰীশ তামুলীয়ে ৰাজ্যৰে জি পি দাসক ৬২, ৬-১ ৰ ব্যৱধানত পৰাস্ত কৰে।
ইফালে, গুজৰাটৰ সতীশ নিলেশভাই পেটেলৰ বিৰুদ্ধে ৬-১, ৬-১ৰ ব্যৱধানত পৰাস্ত হয় অসমৰ ৰিয়ান কাশ্যপ।তেলেংগনাৰ হৃশ্বিক বাবিলাপাল্লীয়ে ৬-৪, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ বর্ণিল বিহান বােক। মহাৰাষ্ট্রৰ নীল নিৰঞ্জন জ’গলেকাৰে ৬-৩, ৭-৫ ৰ ব্যৱধানত পৰাস্ত কৰে উত্তৰ প্ৰদেশৰ বিয়ান সিঙক। উত্তৰ প্ৰদেশৰ প্ৰনৱ মিশ্রই ৬-৪, ৬-০ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ আয়ান শর্মাক। ইফালে, অসমৰ আবিয়ান জফৰ ০-৬, ০-৬ৰ ব্যৱধানত পৰাস্ত হয় কর্ণাটকৰ ক্ৰিছ ত্যাগীৰ হাতত। মনিপুৰৰ বিকী ছাগলছেমে ৬-১, ৬-৪ ৰ ব্যৱধানত পৰাস্ত কৰে চৰ্ত্তিছগড়ৰ সম্প্রিত শর্মাক। ইফালে, ছােৱালীৰ একক শাখাৰ অনুষ্ঠিত হােৱা মেচত কৰ্ণাটকৰ প্ৰেছা ছান্তামুড়ে ৬-০, ৬-০ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ গৌৰিকা চৌধুৰীক। আনহাতে, বংগৰ ছ’হিনী সঞ্জয় মােহান্তীয়ে ৬-০, ৬-১ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ কাটিয়ায়িনি বশিষ্ঠক।
লগতে পঢ়ক : শিক্ষানুষ্ঠানৰ বাবে নতুন SOP ঘোষণা নকৰে চৰকাৰে
অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনােৱা অনুসৰি মঙলবাৰে ল’ৰা-ছােৱালীৰ প্রি-কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হােৱাৰ লগতে ডাবলছ শাখাৰ মেছো আৰম্ভ হ’ব। উল্লেখ্য যে চলিত অইল আইটাছুপাৰ ছিৰি ৰাষ্ট্ৰীয় টেনিছ প্রতিযােগিতাৰ ১৬ বছৰ অনূর্ধশাখাত ল’ৰাৰ শীর্ষ স্থান লাভ কৰিছে ওডিছাৰ দেশীষ ছাই। আনহাতে, দ্বিতীয় স্থান লাভ কৰিছে মনিপুৰৰ বিকী ছাগ’লছেমে। ইফালে, ১৬ বছৰ অনূর্ধ শাখাত ছােৱালীৰ শীর্ষস্থান লাভ কৰিছে গুজৰাটৰ ধবিনা কবিন্দে। দ্বিতীয় স্থান লাভ কৰিছে অসমৰ নম্রতা দাসে। উল্লেখ্য যে কৰনাৰ বাবে অসমত ৰাষ্ট্রীয় পর্যায়ৰ সকলাে ক্রীড়া প্রতিযােগিতা বন্ধ হৈ আছিল যদিও এতিয়া পৰিৱেশ কিছু উন্নত হােৱাত প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় প্রতিযােগিতা। ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযােগিতাখনৰ মুখ্য স্পনচৰ হ’ল অইল ইণ্ডিয়া লিমিটেড। উল্লেখ্য যে প্রতিযােগিতাত ঘৰুৱা দল অসমসহ মুঠ ১২ খন ৰাজ্যৰ প্রায় ৮০ গৰাকী খেলুৱৈয়ে অংশ লৈছে। পাঁচদিনীয়া প্রতিযােগিতাখন অহা তিনি ছেপ্টেম্বৰত সামৰনি পৰিব।