লিঅ’ ছেংৰং – ভাৰতৰ হৈ তেওঁ ষষ্ঠটো স্বৰ্ণ হাতত তুলি লৈছিল বাৰ্মিংহামৰ সন্মানীয় প’ডিয়ামত। তেওঁ সুধীৰ। পেৰা-ৱেইটলিফ্টাৰ সুধীৰ। বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ ষষ্ঠটো সোণৰ পদক বুটলা পেৰা পাৱাৰ লিফ্টাৰ সুধীৰৰ আছে এক অকথিত অধ্যায়। শৈশৱতে পলিঅ’ত আক্ৰান্ত হৈছিল সুধীৰ। তেওঁ পেৰা পাৱাৰলিফটিং (দিব্যাংগ খেলুৱৈসকলৰ ভাৰোত্তোলন)ত ২১২ কিলোগ্ৰাম ওজন দাঙি ভাৰতলৈ ষষ্ঠটো স্বৰ্ণপদক আনি দিছিল।

একে সময়তে, সুধীৰে এটা অভিলেখো সৃষ্টি কৰিছিল। সুধীৰ একেৰাহে সাতবাৰ ৰাষ্ট্ৰীয় স্বৰ্ণ পদক বিজয়ীৰ সন্মান অৰ্জন কৰিছে। সুধীৰে দুবাৰকৈ ভাৰতৰ শক্তিশালী ব্যক্তি (Strongman of India)ৰ খিতাপো জিকিছে।

হাৰিয়ানাৰ সোণেপটৰ লাথ গাঁৱৰ এটি কৃষকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা সুধীৰ সৰুৰে পৰা অত্যন্ত প্ৰতিভাশালী আছিল। পাঁচ বছৰ বয়সত, ভৰিৰ সমস্যাৰ বাবে তেওঁ শাৰীৰিকভাৱে অক্ষম হৈ পৰে। আচলতে সুধীৰ পলিঅ’ত আক্ৰান্ত হৈছিল। তথাপিও, তেওঁ কেতিয়াও হাৰ নামানি ২০১৩ চনত তেওঁ নিজকে সুস্থ ৰাখিবলৈ আৰম্ভ কৰে পাৱাৰ লিফ্টিং।

পেৰা খেলুৱৈ বীৰেন্দ্ৰ ধনখৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ সুধীৰে পেৰা পাৱাৰ লিফ্টিং আৰম্ভ কৰিছিল। মাত্ৰ দুবছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হয় সুধীৰ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনে। ইয়াৰ পিছত আৰু সুধীৰে কেতিয়াও উভতি চোৱা নাই। সুধীৰে একেৰাহে সাত বছৰ ধৰি নেচনেল পাৱাৰ লিফ্টিঙত স্বৰ্ণ জয় কৰি ৰেকৰ্ডো গঢ়িছে।

সুধীৰে ২০২১ আৰু ২০২২ চনত ষ্ট্ৰং মেন অফ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰিছিল। তাৰ পিছত তেওঁ বাৰ্মিংহামত কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতি চলাইছিল। কমনৱেলথত সিদিনা ফাইনেলত কোনেও তেওঁৰ কাষ চাপিব পৰা নাছিল।

সুধীৰৰ ২১২ কিলোগ্ৰামৰ বিপৰীতে নাইজেৰিয়াৰ ইকেচুকু ক্ৰিষ্টিয়ান ওবিচুকুৱে ১৯২ কিলোগ্ৰাম ওজন উঠাই ১৩৩.৬ পইণ্টেৰে ৰূপৰ পদক আৰু স্কটলেণ্ডৰ মিকি য়ুলে ১৩০.৯ পইণ্টেৰে ব্ৰঞ্জৰ পদক দখল কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply