বৰপেটা : দেশজুৰি মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ।ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো অৰ্ধ লকডাউন সদৃশ পৰিস্থিতি। এই পৰিস্থিতিৰ বাবে বৰপেটা জিলাৰ কৃষক সকলে উৎপাদিত শস্য বিক্ৰীৰ ক্ষেত্ৰত সন্মূখীন হোৱা সমস্যাৰ সমাধানৰ বাবে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ বিশেষ তৎপৰতাত অসম কৃষি ব্যৱসায় তথা গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প, অৰ্থাৎ চমুকৈ এপাৰ্টৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ বিশেষ সহযোগত মন্দিয়াৰ পৰা ২১ মেট্ৰিক টন ৰঙালাউ বৰ্হি ৰাজ্যলৈ প্ৰেৰণ কৰাৰ লগতে ৩.২০ মেট্ৰিক টন আলু যোৰহাটলৈ প্ৰেৰণ কৰা হয়।

মন্দিয়াৰ ৩ নং বৰদলনিৰ প্ৰগতিশীল কৃষক ৰহিমুদ্দিনৰ পৰা এই বৃহৎ পৰিমাণৰ ৰঙালাউ প্ৰশাসনৰ সহযোগত স্থানীয় ব্যৱসায়ী মঞ্জু মিয়াই কলকাতাৰ বজাৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হয়। নিজ পথাৰতে কেজিত ৬.৫০ টকা দৰ লাভ কৰি খেতিয়ক ৰহিমুদ্দিনক উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা যায়। এই ৰপ্তানি প্ৰক্ৰিয়াত সহযোগ কৰাৰ বাবে এপাৰ্টৰ তৰফৰ পৰা কৃষি বাণিজ্য বিশেষজ্ঞ গৌতম গোস্বামী, বৰপেটা মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়ন, মহকুমা কৃষি বিষয়া (তথ্য) প্ৰদীপ কুমাৰ দাস, মন্দিয়াৰ কৃষি উন্নয়ন বিষয়া নৱনীতা বৈশ্য আৰু ভাৰপ্ৰাপ্ত ভৰাল তত্বাৱধায়ক জগদীশ তালুকদাৰো উপস্থিত থাকে। সকলোৰে মিলিত প্ৰচেষ্টাত বৰপেটা জিলাত উৎপাদিত পাচলি কলকাতাৰ অভিজাত বজাৰলৈ এনেদৰে বৃহৎ মাত্ৰাত ৰপ্তানি সম্ভৱ হৈ উঠে।

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাও এই পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰি এক টুইট যোগে জিলা কৃষি বিভাগ আৰু এপাৰ্টৰ শলাগ লয়। জিলা জনসংযোগ বিষয়াই জনোৱা মতে কলকাতালৈ ৰঙালাউ ৰপ্তানি কৰাৰ লগতে মন্দিয়াৰ পৰাই দুখন ট্ৰাকত ৩.২ মেট্ৰিক টন আলু যোৰহাটৰ বজাৰলৈ প্ৰেৰণ কৰা হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ বিশেষ তৎপৰতাত প্ৰশাসনৰ তৰফৰ পৰা সকলো সহযোগ আগবঢ়োৱাৰ উপৰি জিলা কৃষি বিভাগৰ বিষয়া সকলেও এই ক্ষেত্ৰত আগভাগ লোৱা দেখা যায়। ইয়াৰ ফলত চলিত সান্ধ্য আইনে কৃষক সকলৰ উৎপাদিত পাচলি বিক্ৰিত পেলোৱা নেতিবাচক প্ৰভাৱৰ পৰা কৃষক সকল কিছু উপকৃত হোৱা বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ শীঘ্ৰে অসমত আৰক্ষীত বৃহৎ নিযুক্তি! মুখ্য মন্ত্ৰীৰ ঘোষনা

উল্লেখযোগ্য যে বৰপেটা জিলা কৃষি ক্ষেত্ৰত অগ্ৰণী হোৱা হেতুকে অৰ্ধ লকডাউনৰ এই সময়ছোৱাত জিলাখনৰ কৃষক সকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কিছু জটিলতাৰ সন্মূখীন হৈছিল যদিও সম্প্ৰতি জিলা উপায়ুক্ত আৰু কৃষি বিভাগৰ তৎপৰতাত কৃষি বাণিজ্যৰ দিশত সুস্থিৰতা উভতি অহা পৰিলক্ষিত হৈছে। তেওঁ জনোৱা মতে বিভাগৰ উদ্যোগত বাঘবৰৰ চৰ অঞ্চলৰ পৰা ৰঙালাউৰ আন এটি বৃহৎ গোট বাহিৰলৈ প্ৰেৰণৰ প্ৰচেষ্টা চলি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply