সোণাৰি: বুকুত দুৰ্বাৰ হেঁপাহ লৈ বিশ্ব জয়ৰ সপোন এগৰাকী আইতা। আইতা গৰাকীৰ ঘৰ চৰাইদেউ জিলাৰ বৰহাটহাবি গাঁৱত। জীৱনৰ ৮৫ বসন্ত অতিক্ৰম কৰা পাছতো এতিয়াও সপ্ৰতিভ আইতা গৰাকী।
এই আইতা গৰাকীৰ নাম ঘণপ্ৰভা গগৈ। তেওঁ এগৰাকী ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ প্ৰবীণ খেলুৱৈ। অতি দুৰ্ভাৰ্গজনক কথা যে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা এইগৰাকী প্ৰবীণ খেলুৱৈয়ে আজিলৈকে লাভ কৰা নাই চৰকাৰৰ কোনো ধৰণৰ সুবিধা।
বিগত সময়ত চৰাইদেউ জিলা প্ৰশাসন, নাজিৰা মহকুমা প্ৰশাসনৰ লগতে বিভিন্ন জনৰপৰা সম্বৰ্ধনা প্ৰাপ্ত এইগৰাকী প্ৰবীণ খেলুৱৈয়ে বৃদ্ধ পেঞ্চনৰ টকা কেইটাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি।
ইফালে মনত দুৰ্বাৰ হেঁপাহ থকা এইগৰাকী প্ৰবীণ খেলুৱৈয়ে আৰ্থিক অনাটনৰ বাবেই দেশৰ বাহিৰত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলগীয়া হোৱা বুলি মন্তব্য কৰিছে আমাৰ আগত।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা এইগৰাকী প্ৰবীণ খেলুৱৈ ঘনপ্ৰভা গগৈৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি পৰিবনে ? তেখেতে লাভ কৰিবনে চৰকাৰৰ সা-সুবিধা।
লগতে পঢ়ক- নায়কৰ পৰা খলনায়ক হ’ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ