স্প’ৰ্টছ ডেস্ক – সুদীৰ্ঘ ১৪ টা বছৰ! আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰায় ডেৰ দশক অতিক্ৰম কৰিলে কিং কোহলীয়ে। বিৰাট কোহলীৰ কথাই কৈছো। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ১৯ বছৰ বয়সত ১৮ আগষ্ট ২০০৮ ৰ দিনটোত অৰ্থাৎ চৈধ্য বছৰ পূৰ্বে ভাৰতৰ হৈ এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল।
১৪ বছৰীয়া আন্তৰাষ্ট্ৰীয় কেৰিয়াৰত কোহলীয়ে বহু কৃতিত্ব অৰ্জন কৰিছে আৰু ভাৰতীয় দলটোক বিভিন্ন ফৰ্মেটত নেতৃত্বও দিছে।
আন্তৰ্জাতিক ক্ৰিকেটত আত্মপ্ৰকাশৰ ১৪ সংখ্যক বাৰ্ষিকী উপলক্ষে, কোহলীয়ে বৃহস্পতিবাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা ৰিল পোষ্ট কৰে। ইয়াৰ জৰিয়তে তেওঁৰ অসামান্য কেৰিয়াৰৰ কিছুমান আটাইতকৈ প্ৰতিষ্ঠিত ফটো দেখা গৈছে। কোহলীয়ে ইনষ্টাগ্ৰামত লিখিছিল ১৪ বছৰ আগতে এই সকলোবোৰ আৰম্ভ হৈছিল আৰু ই এক সন্মান।
কোহলীয়ে তেওঁৰ প্ৰথম খন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে ইনিংছ আৰম্ভ কৰিছিল। তেওঁ ৩৩ মিনিট বেটিং কৰিছিল আৰু ২২ টা বলত ১২ ৰাণ কৰি আউট হৈছিল। তেওঁক শ্ৰীলংকাৰ বলাৰ নুৱান কুলাচেকাৰাই আউট কৰিছিল। ভাৰতে খেলখন ৮ উইকেটত মেচখন হেৰুৱাইছিল।
তেতিয়াৰ পৰা, তেওঁ ২৭ টা শতকৰ সৈতে ১০২ খন টেষ্টত ৮০৭৪ ৰাণ সংগ্ৰহ কৰিছে। একে সময়তে, তেওঁ ৪৩ টা শতকৰ সৈতে ২৬২ খন এদিনীয়াত ১২৩৪৪ ৰাণ সংগ্ৰহ কৰিছে। আনহাতে ৯৯ খন টি-২০ত, কোহলীয়ে ৩০ টা অৰ্ধ-শতকৰ সৈতে ৩৩০৮ ৰাণ সংগ্ৰহ কৰিছে। কোহলী এছিয়া কাপত ভাৰতীয় দলৰ অংশ, য’ত দলটোৱে তেওঁলোকৰ উদ্বোধনী খেলখনত পাকিস্তানৰ সৈতে মুখামুখি হ’ব।