সোণাৰি : চৰাইদেউ জিলাৰ সোণাৰিৰ ঐতিহাসিক আটালপুখুৰীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল ৱাটাৰ পল’ খেল। সূত্ৰধাৰ সাঁতোৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ৱাটাৰ পল’ খেল অনুষ্ঠিত হয়।
এই খেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুটা দলে অংশগ্ৰহণ কৰে। মন কৰিবলগীয়া যে সূত্ৰধাৰ সাঁতোৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে ঐতিহাসিক আটালপুখুৰীত প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ জৰিয়তে বহু কেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদক উলিয়াই আনিবলৈ সক্ষম হৈছে।
কিন্তু বিগত দুটা বছৰত কৰ’ণাৰ ভয়াবহতাৰ পৰিপ্ৰেক্ষিতত সাতোৰবিদসকলে প্ৰশিক্ষণৰপৰা বঞ্চিত হ’বলগীয়া হৈছে। তাৰ মাজতে ২০২০ বৰ্ষত চৰাইদেউ জিলা ওৱাটাৰ পল’ দল গঠন কৰা হয় যদিও কোনো ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাছিল ক’ৰণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে।
আনহাতে এতিয়া যিহেতু ক’ৰণাৰ সংক্ৰমণ হ্ৰাস পাইছে আৰু স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ হৈছে সেয়েহে আজি পোনপ্ৰথমবাৰৰ বাবে আটালপুখুৰীত ৱাটাৰ পল’ প্ৰস্তুতিমূলক খেলৰ আয়োজন কৰে সূত্ৰধাৰ সাঁতোৰ সন্থাই। পুৱা সূত্ৰধাৰ সাঁতোৰ সন্থাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতে ৱাটাৰ পল’ কাৰ্যসূচী উদ্বোধন কৰা অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা পৰিষদৰ সদস্যা পূৰৱী গগৈয়েও অংশগ্ৰহণ কৰে।
লগতে পঢ়ক –এনকাউণ্টাৰক লৈ জ্বলিছে বড়ো ভূমি, ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী