Vinesh Phogat

ভাৰতীয় মল্লযুজাৰু সকলৰ ভিতৰত হাৰিয়ানাৰ ফ’গাট পৰিয়ালৰ অবদান দেশৰ বাবে গৌৰবৰ বিষয় | এই পৰিয়ালটোৰ বহুজন সদস্যই দেশৰ ক্ৰীড়াজগতত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে | বিখ্যাত গীতা-ববিতা ফ’গাটৰ সম্পৰ্কীয় ভগ্নী ভিনেশৰ বাবে পৰিয়ালৰ লগতে দেশৰ নাম উজ্বলোৱাৰ সুযোগ | ৫৩ কেজি শাখাত অংশ লৈছিল ভিনেশে | অলিম্পিকৰ আগমুহূৰ্তত বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানত আছিল ভিনেশ ফ’গাট |

ৰাষ্ট্ৰীয় কুষ্টি সংঘৰ অধ্যক্ষ ব্ৰজ ভূষণ শৰণ সিঙে ভাৰতীয় মল্লযুঁজাৰু দলটোৰ প্ৰদৰ্শনক লৈ সন্তুষ্ট নহয় বুলি কোৱাৰ লগতে ভাৰতীয় খেলুৱৈক একাংশ প্ৰতিষ্ঠানে ধ্বংস কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। এই প্ৰতিষ্ঠান সমূহে সহায়ৰ নামত ৩ জন ভাৰতীয় খেলুৱৈক ধ্বংস কৰিছে। ভাৰতীয় দলটোৱে অতি কমেও চাৰিটা পদক জয় কৰিব লাগিছিল। বিশেষকৈ ভিনেশ ফ’গাটৰ প্ৰদৰ্শনক লৈ তেওঁ আটাইতকৈ বৈছি হতাশ হৈছে বুলি মন্তব্য কৰে ।

ভিনেশক এটা প্ৰতিষ্ঠানৰ দ্বাৰা হাংগেৰীলৈ পঠোৱা হৈছিল অথচ হাংগেৰীতকৈ বেছি আন বহু ঠাইত ভাল সুবিধা আছে। হাংগেৰিয়ান প্ৰশিক্ষকজনে তেওঁৰ ঘৰত বাস কৰিছিল আৰু আমাৰ পৰা টকা লৈ আছিল। তেওঁৰ পত্নীয়ে ভিনেশৰ লগত অনুশীলন কৰিছিল। তেওঁৰ খেল উন্নত হৈছিল আৰু অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আনহাতে ভিনেশৰ খেল বেয়া হৈছিল।

অধ্যক্ষ ব্ৰজ ভূষণৰ মতে, ভিনেশৰ পদক নিশ্চিত আছিল যদিহে ভাৰতীয় দলৰ আন খেলুৱৈৰ লগত থাকি অনুশীলন কৰিলে হয়।ভিনেশে ভাৰতীয় দলৰ সৈতে থাকিবলৈ অস্বীকাৰ কৰিছিল। ভিনেশ ফোগাটৰ এনে আচৰণৰ বাবে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে । ভিনেশৰ হাংগেৰিয়ান প্ৰশিক্ষক উলাৰ আক’চে ভাৰতীয় খেলুৱৈ সকল থকা গেম ভিলেজত থাকিবলৈ অমান্তি হোৱাৰ পিছৰে পৰা ভিনেশ ফ’গাটে ভাৰতীয় খেলুৱৈৰ পৰা দুৰত্ব বজাই ৰাখিছিল |

আনহাতে হাংগেৰীৰ পৰা বাহিৰে বাহিৰে টকিঅ’ৰ গেম ভিলেজত উপস্থিত হোৱা ভিনেশ ফোগাটে ভাৰতীয় দলৰ সৈতে থাকিবলৈ অস্বীকাৰ কৰাৰ লগতে ভাৰতীয় দলৰ খেলুৱৈৰ সৈতে অনুশীলন কৰিবলৈয়ো অস্বীকাৰ কৰিছিল। ইয়াৰ লগতে তেওঁ ভাৰতীয় দলটোক শিৱ নৰেশে স্পনছ’ৰ কৰা পোছাক পৰিধান কৰিবলৈ অস্বীকাৰ কৰি নাইকিৰ পোছাক পৰিধান কৰি অলিম্পিকত অংশগ্ৰহণ কৰিছিল।
এতিয়া ভাৰতীয় মল্লযুঁজ সংঘৰ ফালৰ পৰা কৈফিয়ৎ তলব কৰা হৈছে । ১৬ আগষ্টৰ পূৰ্বে উত্তৰ নিদিলে কঠোৰ ব্যবস্থা লোৱাৰ সকিয়নি অধ্যক্ষ সিঙৰ।একেদৰে আন এগৰাকী মল্লযুঁজাৰু ,সোণম মালিককো নিয়মানুৱৰ্তীতা ভংগ কৰাৰ অপৰাধত জাননী জাৰি কৰিছে।

লগতে পঢ়ক নগাঁও আৰু কাচাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা সম্ভৱ নহয় : মুখ্য মন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply