নিউজ ডেস্কঃ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত পুনৰ পদক অৰ্জন কৰি অভিলেখ গঢ়িছে। বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত ৮৮.১৩ মিটাৰলৈ জেভলিন দলিয়াই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা নীৰজেই প্ৰথমগৰাকী ভাৰতীয় পুৰুষ এথলীট।
ইয়াৰ পূৰ্বে ২০০৩চনত ভাৰতৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত অঞ্জু ববী জৰ্জে লং জাম্পত ব্ৰঞ্জৰ মেডেল অৰ্জন কৰিছিল। ইফালে, নীৰজে আৰম্ভণিতে ফাউল কৰে যদিও, দ্বিতীয়বাৰত ৮২.৩৯, তৃতীয় বাৰত ৮৬.৩৭ মিটাৰ আৰু চতুৰ্থ প্ৰয়াসত ৮৮.১৩ মিটাৰ দূৰলৈ জেভলিন দলিয়ায়।
আনহাতে, গ্ৰেনাডাৰ এণ্ডৰছন পিটৰ্ছে ৯০.৪৬ মিটাৰলৈ জেভলিন দলিয়াই স্বৰ্ণ পদক অৰ্জন কৰি নিয়ে। লগতে চেক গণৰাজ্যৰ য়াকুব বালডেশে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।