মেছি মাষ্টাৰক্লাছ! ৩৫ বছৰ বয়সত যেতিয়া আনে বুট সামৰি অৱসৰৰ স্বাদ লয়, তেতিয়া তেওঁ বিশ্বকাপৰ মেচত বিপক্ষৰ ১০-১২ বছৰৰ সৰু ডিফেণ্ডাৰক নচুৱাই ফুৰিছে ৷ পথাৰৰ মাজৰপৰা বিপক্ষৰ বক্সলৈ কেতিয়াবা সতীৰ্থৰে ৱান টু খেলি, কেতিয়াবা অকলশৰে বলৰ সৈতে নৃত্যৰত শিল্পীৰ দৰে প্ৰৱেশ কৰিছে ৷ গ’ল দিছে ৷ গ’ল সজাই দিছে ৷ সুৰুঙা মুকলি কৰিছে ৷ সতীৰ্থক মুক্ত কৰিছে ৷ নক’লেও হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কালি নিশাও প্ৰশিক্ষক লিঅ’নেল স্কাল’নিৰ ৰণনীতি আছিল মেছিকেন্দ্ৰিক ৷ সহজাত ৪-৩-৩ ৷
মিডফিল্ডত আক্ৰমণৰ গুৰি ধৰোঁতা আৰু বল ৰখাৰ দায়িত্বত এনজ’ ফাৰ্ণাণ্ডেজ ৷ সোঁদিশে মেক এলিষ্টাৰ ৷ বাঁও দিশে ৰড্ৰিগো ডি পল ৷ আক্ৰমণৰ বাঁওফালে হুলিয়ান আলভাৰেজ আৰু সোঁদিশে আঘাতপ্ৰাপ্ত ডি মাৰিয়াৰ সলনি পাপু গ’মেজ ৷ মাজত মিডফিল্ড আৰু ফৰৱাৰ্ড পজিচনত মুক্ত বিচৰণৰ দায়িত্বৰে লিঅ’নেল মেছি ৷ অষ্ট্ৰেলিয়াই লৈছিল ৰক্ষণাত্মক ৪-৪-২ যাতে মেছিক সুৰঙা দিয়া নাযায় আৰু মিডফিল্ড আৰু ফৰৱাৰ্ডৰ মাজত সুযোগ তৈয়াৰ নহয় । শৰীৰী আৰু চাপ দিয়া খেলত পাকৈত অষ্ট্ৰেলিয়াই আৰ্জেণ্টিনাক বল দখলত ৰাখিবলৈ দি বিপজ্জনক স্থানত যাতে সুযোগ তৈয়াৰ নহয় ৷ ফলত প্ৰথম ২০-২৫ মিনিট আৰ্জেণ্টিনাই নিজৰ গতি লাভ কৰা নাছিল ৷ এনজ’ ফাৰ্ণাণ্ডেজ, ডি পল আৰু এলিষ্টাৰে পিছুৱাই খেলা মেছিৰ সৈতে স্থান সলনিৰে প্ৰচুৰ চাপ দিছিল আৰু সোঁদিশে গোমেজ আৰু আক্যুনাই বিপজ্জনক বল উলিয়াই আছিল ৷ কিন্তু অহা নাছিল স্পষ্ট সুযোগ ৷
৩৫ মিনিটত মেছিৰ এটা ফ্ৰীকিক ভালদৰে ক্লীয়েৰ নোহোৱাৰ সুবাদত আৰ্জেণ্টিনাই লাভ কৰে দুৰ্লভ সুযোগ । পুনৰ মেছিৰ ভৰিত পৰা বল তেওঁ বক্সৰ ভিতৰলৈ যোৱাৰ পথত এলিষ্টাৰক এৰি দিয়ে, এলিষ্টাৰে বক্সৰ ভিতৰত থকা অটামেণ্ডিক দিয়ে আৰু অটামেণ্ডিয়ে বলটো এৰি দিয়ে সঠিক অনুমানেৰে বক্সলৈ সোমাই অহা মেছিক ৷ মেছিৰ প্ৰথম স্পৰ্শ অনন্য আৰু দ্বিতীয় স্পৰ্শত গ’ল ৷ এটা ধীৰ গতিৰ সম্পূৰ্ণ জোখমাখ কৰি লোৱা কাব্যিক শ্বট ৷ অগ্ৰগতি ৷ সঠিক বুজাপৰাৰ ৱান টাচ্চ গেম !
তাৰ পাছত ৫৭ মিনিটত প্ৰেছিং গেমৰ এক সুন্দৰ উদাহৰণ ৷ অষ্ট্ৰেলিয়াৰ গ’লকীপাৰ মেট ৰিয়ানে বল ৰিচিভ কৰোঁতে সোঁদিশেৰে ডি পলে তেওঁক তীব্ৰ গতিৰে হেঁচা দিয়ে ৷ লগে লগে ইটো দিশৰপৰা আলভাৰেজেও তেওঁক হেঁচা দিয়ে ৷ সেই হেঁচাত আলভাৰেজে বলটো লাভ কৰি ঠেলি দিয়ে অষ্ট্ৰেলিয়াৰ গ’ললৈ ৷ ২-০ ৷
তাৰ পাছত স্কাল’নিয়ে কেইবাটাও ছাবষ্টিটিউচন কৰে ৷ খেল ধীৰ হয় ৷ সুযোগ সৃষ্টি হয় ৷ কিন্তু তাৰ মাত্ৰা কম হয়। মেছিয়ে এবাৰ নিজৰ হাফত বল পাই চাৰিজন ডিফেণ্ডাৰক পৰাভূত কৰি চলোৱা আক্ৰমণৰ কাব্যিক পৰিসমাপ্তি ঘটিলহেতেঁন যদিহে সি গ’ললৈ পৰিৱৰ্তন হ’ল হয়। তথাপি সেয়া আছিল মেছিৰ চিনাকি কিন্তু বয়সৰ বাবে ক্ৰমান্বয়ে ম্লান হৈ অহা কলাৰ পুনৰজাগৰণ ৷ নিশা টোপনি খতি কৰা ফুটবলপ্ৰেমীক আৰু কি লাগে? কিন্তু অষ্ট্ৰেলিয়ায়ো যুঁজ অবিহনে মেচ এৰি দিব খোজা নাছিল ৷ ক্ৰেইগ গুডৱিনৰ এটা দীঘলীয়া শ্বট এনজ’ ফাৰ্ণাণ্ডেজৰ গাত লাগি আৰ্জেণ্টিনাৰ গ’লত সোমাই পৰাত খেলখন উত্তেজনাময় হৈ পৰে ৷ তাৰ মাজতে অষ্ট্ৰেলিয়াৰ লেফ্টবেক আজিজ বেহিচে আৰ্জেণ্টিনাৰ চাৰিজন ডিফেণ্ডাৰক পৰাস্ত কৰি লোৱা এক নিৰ্ঘাত গ’লৰ শ্বট যিদৰে পৰিৱৰ্ত চেন্ট্ৰেল ডিফেণ্ডাৰ লিছান্দ্ৰো মাৰ্টিনেজে ব্লক কৰিলে সেয়া বক্সৰ ভিতৰত ৰক্ষণৰ এক সুন্দৰ উদাহৰণ হৈ ৰ’ব ৷ লগতে মাৰ্টিনেজে মূল একাদশত নিজৰ প্ৰয়োজনীয়তাও প্ৰমাণ কৰিলে ৷
শেহত ৯৭ মিনিটত আন এক মাৰ্টিনেজ অৰ্থাৎ গ’লকীপাৰ এমিলিয়ানো মাৰ্টিনেজে গাৰাং কুঅলৰ আন এটা নিৰ্ঘাত গ’লৰ শ্বট সম্পূৰ্ণ মুখামুখি ছেভ কৰি নিজৰ প্ৰতিভা প্ৰমাণ কৰিলে ৷ ইয়াৰ বিপৰীতে তৃতীয়জন মাৰ্টিনেজ, লাউটাৰো মাৰ্টিনেজে মেছিয়ে সজাই দিয়া কেইবাটাও নিৰ্ঘাত গ’লৰ পাছ লক্ষ্যভ্ৰষ্ট শ্বটেৰে অপচয় কৰিছিল ৷ প্লেয়াৰ অব্ দ্য মেচ মেছিয়েই নহয়, এই মেচত আন কেইবাজনো আৰ্জেণ্টাইনৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ । ডি পলৰ বিৰামহীন হেঁচা, এলিষ্টাৰৰ বহুমাত্ৰিক গতিবিধি, ক্ৰিষ্টিয়ান ৰোমেৰে আৰু অটামেণ্ডিৰ পানী নসৰকা ৰক্ষণ, এনজ’ ফাৰ্ণাণ্ডেজৰ খেল নিয়ন্ত্ৰণ হলেণ্ডৰ বিৰুদ্ধে হ’ব প্ৰধান অস্ত্ৰ ৷
পূৰ্বানুমান: কোৱাৰ্টাৰ ফাইনেলত হলেণ্ড হ’ব সম্পূৰ্ণ বেলেগ মানৰ প্ৰতিদ্বন্দ্বী ৷ বিশেষকৈ ডেনজেল ডামফ্ৰীজ, ডেইলী ব্লিণ্ড আৰু ফ্ৰেংকি ডে ইয়ঙৰ মিডফিল্ড দমনৰ বাবে এনজ’ ফাৰ্ণাণ্ডেজ, ডি পল আৰু এলিষ্টাৰে নিজৰ সৰ্বোত্তম খেল খেলিব লাগিব । ডি পলৰ শৰীৰী উপস্থিতি হ’ব পাৰে নিৰ্ণায়ক ৷ মুঠৰ ওপৰত এই কোৱাৰ্টাৰ ফাইনেল ৫০-৫০ সম্ভাৱনাৰ মেচ হ’ব আৰু জয়ী দল হ’ব বিশ্বকাপ তোলাৰ প্ৰবল দাবীদাৰ ৷