অলিম্পিক পদক বিজয়ী মল্লযুজাৰু সুশীল কুমাৰক দিল্লী আৰক্ষীয়ে হত্যাৰ অভিযোগত বিচাৰি অবশেহত পঞ্জাবৰ পৰা গ্ৰেপ্তাৰ কৰিছে | সুশীলৰ সম্ভেদ দিব পৰা জনক ১ লাখ টকাৰ পুৰষ্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছিল |
উল্লেখ্য যে যোৱা ছত্ৰচাল ষ্টেডিয়ামত যোৱা ৫ মেত মল্লযুজাৰু সকলৰ মাজত হোৱা কাজিয়াৰ সময়ত গুলীচালনা ঘটনা সংঘটিত হৈছিল য’ত সাগৰ ধনখড় ৰানা নামৰ এজনৰ গাত গুলী লাগিছিল পিছত হাস্পাতালত সাগৰৰ মৃত্যু হৈছিল |
এই ঘটনাৰ পিছৰে পৰাই পলাই আছে সুশীল কুমাৰ | উক্ত ঘটনাত আন দুজন আহত হৈছিল | শেহতীয়াকৈ সুশীল কুমাৰক আৰক্ষীয়ে পঞ্জাবৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ পাইছে | সাগৰ ৰাষ্ট্ৰীয় জুনিয়ৰ চেম্পিয়ন আছিল |