টকিঅ’ অলিম্পিক আৰম্ভ হ’বলৈ মাজত মাথোঁ ৬টা দিন বাকী৷ ক’ৰোনাৰ ভয়াৱহতাৰ বাবেই এইবাৰ দর্শক বিহীন ভাবেই প্ৰস্তুতি চূড়ান্ত কৰিছে আয়োজক জাপানে ৷ প্ৰতিটো মুহূৰ্ত সুক্ষ্ম ভাবে অধ্যয়ন কৰি আগবাঢ়িছে দেশখন ৷ ইতিমধ্যে চহৰখনত ক’ভিডৰ বাবে জৰুৰী অবস্থাৰ ঘোষণা কৰিছে ৷ যোৱা এটা সপ্তাহত টকিঅ’ চহৰতে হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ক’ভিডত ৷
অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিকৰ অন্যতম আকৰ্ষণ বঁটা বিতৰণী অনুষ্ঠানৰো কিছু সালসলনি ঘটাইছে আয়োজকে৷ অলিম্পিকত বিজয়ী এথলিটসকলক প’ডিয়ামত পদক পিন্ধোৱা হয়৷ কিন্তু ক’ৰোনাৰ ভয়াৱহতাৰ বাবে টকিঅ’ অলিম্পিকত এয়া সম্ভৱপৰ নহ’ব৷ টকিঅ’ অলিম্পিকখনত পদক জয়ী এথলিটসকলে নিজেই ডিঙিত পদক পিন্ধিব লাগিব৷ বঁটা বিতৰণীৰ সময়ছোৱাত এথলীটসকলক কৰমর্দন অথবা আকোঁৱালী ল’ব নোৱাৰিব৷
আন্তর্জাতিক অলিম্পিক কমিটীৰ সভাপতি থমাছ বাখে টকিঅ’ অলিম্পিকৰ বঁটা বিতৰণী অনুষ্ঠানৰ সন্দর্ভত নতুন এছ অ’ পিখন ঘোষণা কৰিছে৷ আই অ’ চিৰ সভাপতিগৰাকীয়ে কয় যে টকিঅ’ অলিম্পিকত বিজেতা এথলিটসকলক গণ্য–মান্য ব্যক্তিৰ দ্বাৰা এইবাৰ ডিঙিত পদক পিন্ধাই দিয়া নহয়৷ বিজেতা এথলিটসকলক মেডেল ট্রেত দিয়া হ’ব৷ ইয়াৰ পৰা তেওঁলোকে নিজেই মেডেল তুলি ডিঙিত পিন্ধিব লাগিব৷ বঁটা বিতৰণী অনুষ্ঠানত এথলিটৰ লগতে প্রেজেণ্টাৰগৰাকীয়েও মুখত মাস্ক পৰিধান কৰিব লাগিব৷
আনহাতে, ক’ৰোনাৰ আতংকৰ মাজতো অলিম্পিকখন সফলতাৰে আয়োজন কৰিব পাৰিব বুলি আত্মবিশ্বাসী আই অ’ চিৰ সভাপতিগৰাকী৷ প্রতিযোগিতাখন সফলতাৰে আয়োজন কৰাৰ বাবে জাপান চৰকাৰে অহা ৮ আগষ্টলৈ টকিঅ’ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ দর্শকৰ দ্বাৰা যাতে খেলুৱৈসকল ক’ৰোনাত আক্রান্ত নহয়, তাৰ প্রতি লক্ষ্য ৰাখি অলিম্পিক ষ্টেডিয়ামত দর্শকৰ উপস্থিতিও বন্ধ কৰিছে আয়োজকে৷ টকিঅ’ত উপস্থিত হৈ আই অ’ চিৰ সভাপতিগৰাকীয়ে অলিম্পিকখন আয়োজনৰ সন্দর্ভত আয়োজকৰে বিভিন্ন ধৰণৰ আলোচনা কৰিছে৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখন সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলোধৰণৰ প্রচেষ্টা গ্রহণ কৰা হৈছে বুলি অনলাইনযোগে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে থমাছ বাখে৷
লগতে পঢ়ক এ এম চিত এশখন পেডিয়েট্ৰিক আই চি বিছনা যুৱৰাজ সিং ফাউণ্ডেচনৰ