নিউজ ডেস্ক – এটি পুত্ৰ সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং। মঙলবাৰে যুৱৰাজ সিং আৰু অভিনেত্ৰী হেজেল কীচৰ প্ৰথমটো সন্তান জন্ম হয়।

৪০ বছৰীয়া প্ৰাক্তন ভাৰতীয় ক্ৰিৰেটাৰ গৰাকীৰ লগতে তেওঁৰ পত্নী হেজেল কীচে তেওঁলোকৰ টুইটাৰ হেণ্ডেলত এই কথা ৰাজহুৱা কৰে।

কণমানি সন্তানক পৃথিৱীলৈ আদৰিবলৈ পোৱাৰ বাবে ভগৱানক ধন্যবাদ জনাই দুয়োগৰাকীয়ে তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাক সন্মান জনাবলৈ সকলোকে অনুৰোধ জনায়।

২০১৬ চনত ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু অভিনেত্ৰী হেজেল কীচে বিবাহপাশত আৱদ্ধ হৈছিল।

সিঙৰ ৩৪ বছৰীয়া অভিনেত্ৰী পত্নী কীচে বলিউডৰ ছবি ‘বডিগাৰ্ড’, ‘কিক’ আদিত অভিনয় কৰাৰ লগতে ৰিয়েলিটি টিভি শ্ব’ ‘বিগ বছ’ত অংশগ্ৰহণ কৰিছিল।

লগতে পঢ়ক – প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰা আৰক্ষী প্ৰদীপ বনিয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply