নিউজ ডেস্কঃ অসমীয়া নতুন ছবি “শ্ৰী ৰঘুপতি” বৰ্তমান অসমৰ সকলো ছবিগৃহতেই প্ৰদৰ্শনী হৈ আছে। প্ৰতি প্ৰদৰ্শনীতেই অসমবাসীৰ পৰা পাইছে অভূত সঁহাৰি। ক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে জানিবলৈ দিয়া অনুসৰি, যোৱা ৫ টা দিনত “শ্ৰী ৰঘুপতি” ছবিখনে কমেও এক কোটি টকা অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।
লগতে তেওঁ জনাই যে, যোৱা দিনকেইটিত তেওঁ ছবিগৃহৰ মালিক পক্ষৰ সৈতে মত-বিনিময় কৰি অবগত হৈছে যে, শ্ৰীৰঘুপতিৰ সফলতা তথা জনপ্ৰিয়তাই কিছু ছবিগৃহত দৈনিক আয় গড় হিচাপে এক লাখ টকালৈ হোৱাৰ বিপৰীতে সৰু ছবিগৃহ সমূহে ৫০ হাজাৰ টকালৈ দৈনিক আয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি, ক’ভিডৰ পিছত ৫০ টা ছবিগৃহৰ পৰা বৃদ্ধি হৈ বৰ্তমান শ্ৰীৰঘুপতি ৰাজ্যৰ ১০৮ খন পৰ্দাত মুক্তি লাভ কৰিছে বুলি সীমান্ত শেখৰে জনাই।
উল্লেখ্য যে, সুব্ৰত কাকতিৰ চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰা ছবিখন প্ৰযোজনা কৰিছে শৈলেন কুমাৰ শৰ্মাই। সংগীত পৰিচালনা প্ৰণয় দত্তৰ। জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লগতে জনপ্ৰিয় কৌতুক অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা) ও ছবিখনত অভিনয় কৰিছে। ইয়াৰোপৰি, ৰীণা বৰা, অৰুণ নাথ হাজৰিকা, প্ৰীতিকংকণা, মনজিৎ শৰ্মাই, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীয়ে বলিষ্ঠ অভিনয় কৰিছে। ‘ শ্ৰী ৰঘুপতি’ৰ জৰিয়তে ৰূপালী পৰ্দাত ভূমুকি মাৰিছে দুই অভিনেত্ৰী লুনা দেৱী আৰু বুবলী কাশ্যপে।
লগতে পঢ়ক – পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত চানডুবিত ‘অমৃত গছপুলি ৰোপণ’ কাৰ্যসূচী