নিউজ ডেস্ক: শেহতীয়াকৈ মুক্তিলাভ কৰিছে বহু প্ৰত্যাশিত অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’। ন্যায়ালয়ে সেউজ সংকেত দিয়াৰ পিছতে ছবিগৃহত মুক্তিলাভ কৰে ছবিখনে। বৰ্তমান অসমৰ সকলো ছবিগৃহতেই প্ৰদৰ্শনী হৈ আছে ছবিখন। প্ৰতি প্ৰদৰ্শনীতেই অসমবাসীৰ পৰা পাইছে অভূত সঁহাৰি।

কিন্ত তাৰ মাজতে পাইৰেচীৰ কবলত পৰিছে ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’। ছবিগৃহত ছবিখনৰ দৃশ্যাংশ ৰেকৰ্ড কৰি ফেচবুক আৰু ইউটিউবত আপলোড কৰিছে একাংশই। ১৪-১৫ মিনিট ভিডিঅ কৰি ইউটিউব ফেচবুকত আপলোড কৰিছে। নীতি–নিয়ম উলংঘা কৰি একাংশই এই ছবিখনৰ দৃশ্যাংশ ইউটিউব আৰু ফেচবুকত আপলোড কৰাৰ অভিযোগ কৰিছে ছবিখনৰ প্ৰযোজকে।

ছবিখনৰ পৰিচালত সুব্ৰত কাকতীয়ে ফেচবুকৰ এটা ভিডিঅ’ যোগেদি কৈছে যে,”এইটো বৰ দুখজনক বিষয় আমি ইমান কষ্ট কৰি চিনেমা বনোৱাৰ পাছত কোনোবাই হঠাতে মোবাইলত ভিডিঅ কৰি ফেচবুক ইউটিউবত দি দিছে, এইটো বৰ বেয়া কথা। কিছুমানে কমেন্ট কৰিছে যে- আমাৰ চাই ভাল লাগিছে সেইকাৰণে ভিডিঅ কৰিছো। কিন্তু সেইটো কথা নহয়। চিনেমাখনৰ কাহিনী কি, শেষত কি হৈছে, মাজত কি হৈছে সেইবোৰ চাবলৈ সকলোৱে হললৈ যায়। যদি এনেদৰে ভিডিঅবোৰ ছচিয়েল মিডিয়াত দি থাকে তেন্তে কি লাভ হব। এনেদৰে ফেচবুক ইউটিবত দিলে আমাৰ কষ্ট অসাৰ্থক হ’ব। মই নাজানো মানুহৰ মাজত ইমানখিনি সজাগতা কিয় নাই?”

লগতে সুব্ৰত কাকতীয়ে অনুৰোধ কৰি কয় যদি কোনোৱে ফেচবুক ইউটিবত এনেধৰণৰ ভিডিঅ’ পায় তেন্তে আমাৰ ছবিৰ যিকোনো কৰ্মকতালৈ মেছেঞ্জাৰ বা অন্য ধৰণে পঠিয়াব। লগতে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে।

এই সন্দৰ্ভত ছবিখনৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক প্ৰদান কৰিছে এফ আই আৰ।

এফ আই আৰত শৈলেন কুমাৰ শৰ্মাই লিখিছে, ‘‘আমাৰ লক্ষ্যত পৰিছে যে একাংশ তথাকথিত ইউটিউবাৰ আৰু ফেচবুক ব্যৱহাৰকাৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কপিৰাইট আৰু চিনেমেট’গ্ৰাফী আইন ভংগ কৰি ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ ছবিগৃহৰ ভিতৰত ভিডিঅ’ ৰেকৰ্ডিং কৰি ইউটিউব আৰু ফেচবুক পেজত আপলোড কৰি আছে। যাৰ ফলত মই বৃহৎ ক্ষতিৰ শংকা কৰিছো। এই নীতিবিৰুদ্ধ কামৰ ফলত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰো জিএছটিৰ ক্ষেত্ৰত ক্ষতি হ’ব।’’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply