নিউজ ডেস্কঃ কালিলৈ অৰ্থাৎ শুক্ৰবাৰে মুক্তিপাব লগীয়া বহু প্ৰতাক্ষিত অসমীয়া ছবি শ্ৰী ৰঘুপতিৰ মুক্তি পথত আহি পৰিছে বাধা। ছবিখন মুক্তি দিয়াত কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে প্ৰদান কৰিছে নিষেধাজ্ঞা।
জানিব পৰা অনুসৰি, ছবিখনৰ পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ সৈতে হোৱা চুক্তি উলংঘা কৰাৰ বাবে তেওঁৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ সত্ৰ ন্যায়াধীশত গোচৰ তৰিছিল। সেই গোচৰৰ ভিত্তিতেই ন্যায়ালয়ে আজি ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত নিষেধাজ্ঞা প্ৰদান কৰে।
কভিড মহামৰীৰ বাবে মুক্তিৰ পথত ইতিমধ্যেই বহু পলম হৈছে। ছবিখনৰ মূল চৰিত্ৰ অভিনয় কৰা ৰবি শৰ্মাৰ অনুৰাগীয়ে আশাৰে বাট চাই আছিল চিনেমাখন ছবিগৃহত অহালৈ। ইতিমধ্যেই বহু ছবিগৃহত চিনেমা খনৰ অনলাইন টিকট বিক্ৰী কৰা হৈছে। এনে সময়ত ছবিখনৰ মুক্তি নিষেধাজ্ঞাত নিশ্চয় ছবি প্ৰেমীৰ বাবে দুখ বতৰা লৈ আহিছে।
উল্লেখ্য যে, তৃষ্ণা মোছন পিক্চাৰ্চে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। অসমৰ জনপ্ৰিয় অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা) ও ছবিখনত অভিনয় কৰাৰ লগতে ৰীণা বৰা, অৰুণ নাথ হাজৰিকা, প্ৰীতিকংকণা, মনজিৎ শৰ্মাই, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীয়ে অভিনয় কৰিছে।
লগতে পঢ়ক – আজিৰে পৰা ব্যয়বহুল হৈ পৰিল বৈদ্যুতিক বাহন, হ্ৰাস কৰা হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য