নিউজ ডেস্ক: অৱশেষত বুধবাৰে অসমীয়া ছবিপ্ৰেমীৰ বাবে শুভ মুক্তি পালে ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি “শ্ৰী ৰঘুপতি” ৰ ট্ৰেইলাৰ। “ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি, ৰাম জন্ম হৈছিল লংকাৰ ৰাৱণক বিনাশ কৰিবলৈ, ৰাৱণ বিনাশ হ’ল সঁচা কিন্তু তাৰ পিছত জন্ম হ’ল হেজাৰ হেজাৰ ৰাৱণ” উক্ত সংলাপেৰে ছবিখনৰ ট্ৰেইলাৰত মূল চৰিত্ৰত অভিনয় কৰা ৰবি শৰ্মাৰ আৰম্ভণিত আত্মপ্ৰকাশ ঘটিছে। ইউটিউব চেনেল ROOTSTOCK ENTERTAINMENT ত ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছে।

২ মিনিট ৪৮ ছেকেণ্ড জোৰা ছবিখনৰ ট্ৰেইলাৰত অভিনয় কৰা সকলো চৰিত্ৰকে দেখুৱাবলৈ যত্ন কৰা হৈছে। ট্ৰেইলাৰটোৰ শেষত ছবিখনৰ মুক্তি হোৱাৰ দিনো উল্লেখ কৰি দিয়া হৈছে। অহা ২ জুনত ছবিখনৰ শুভমুক্তি ছবিগৃত দিয়া হ’ব।

YouTube video

ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়াৰ পিছতেই অভিনেতা ৰবি শৰ্মাই কয় যে, প্ৰায় ২ মিনিট ৪৮ ছেকেণ্ডৰ ট্ৰেইলাৰ। আমি ট্ৰেইলাৰটো অলপ দীঘলীয়াকৈ এৰিছো যাতে মানুহে ছবিখনৰ কোয়েলিটিৰ বিষয়ে গম পাই।

লগতে, তেওঁ কয়, চাৰিবছৰৰ আগতে আমি এখন পোষ্টাৰ ৰিলিজড কৰিছিলোঁ, সেই পোষ্টাৰ খনৰ মানুহৰ সঁহাৰি লৈয়ে আমি মূলধন হিচাপে লৈ আগবাঢ়িছিলোঁ। আমি ছবিখন ব্যয়বহুল বুলি কওঁ কিন্তু আমাৰ যিটো বাজেট সেইয়া আমাৰ মনৰো বান্ধিব নোৱাৰোঁ। এগুণৰ পইচাত আমি তিনিগুণৰ কাম কৰিছোঁ ছবিখনৰ বাবে। এইমুহূত্ব লৈকে ছবিখনৰ টীমে কাম কৰি আছে।  

YouTube video

কভিড মহামৰীৰ বাবে মুক্তিৰ পথত কিছু পলম হ’ল যদিও অসমীয়া ছবিপ্ৰেমী তথা ৰবি শৰ্মাৰ অনুৰাগীয়ে আশাৰে বাট চাইছে চিনেমাখন ছবিগৃহত অহালৈ। বৰ্তমান শ্ৰী ৰঘুপতিৰ সমূহ দলটোয়ে ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত ছবিখনৰ প্ৰচাৰ কৰি আছে।

উল্লেখ্য যে, তৃষ্ণা মোছন পিক্‌চাৰ্চে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাই। সংগীত পৰিচালনা প্ৰণয় দত্তৰ।

অসমৰ জনপ্ৰিয় অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা) ও ছবিখনত অভিনয় কৰাৰ লগতে ৰীণা বৰা, অৰুণ নাথ, অৰণ হাজৰিকা, প্ৰীতিকংকণা, মনজিৎ শৰ্মাই, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীকো দেখা পোৱা যাব। ‘শ্ৰী ৰঘুপতি’ৰ জৰিয়তে ৰূপালী পৰ্দাত ভূমুকি মাৰিব দুই অভিনেত্ৰী লুনা দেৱী আৰু বুবলী কাশ্যপে। সুদীৰ্ঘ ১৭ টা বছৰ পিছত অভিনয় জগতৰ পৰা আঁতৰি থকা অভিনেতা ৰাজ শৰ্মাকো ছবিখনত দৰ্শকে দেখিবলৈ পাব।

লগতে পঢ়ক – ইৰানৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ চুটি ছবি ‘The Muse’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply