নিউজ ডেস্ক: চলিত মাহতেই মুক্তি পাব লগীয়া ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি ছবিৰ ট্ৰেইলাৰ কালিলৈ অৰ্থাৎ ১০ মে’ত মুক্তি দিয়া হ’ব। এই কথা নিজেই অভিনেতা ৰবি শৰ্মাই এক ফেচবুকৰ পোষ্টৰ জৰিয়তে অসমবাসীক জানিবলৈ দিয়ে।
ছবিখনৰ ট্ৰেইলাৰ কিমান বজাত মুক্তি পাব এই কথা উল্লেখ কৰা নাই যদিও ইউটিউব চেনেল ROOTSTOCK ENTERTAINMENT ত শুভ মুক্তি দিয়া হ’ব বুলি জানিবলৈ পোৱা গৈছে।
কভিড মহামৰীৰ বাবে মুক্তিৰ পথত কিছু পলম হ’ল যদিও অসমীয়া ছবিপ্ৰেমী তথা ৰবি শৰ্মাৰ অনুৰাগীয়ে আশাৰে বাট চাইছে চিনেমাখন ছবিগৃহত অহালৈ। বৰ্তমান শ্ৰী ৰঘুপতিৰ সমূহ দলটোয়ে ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত ছবিখনৰ প্ৰচাৰ কৰি আছে।
উল্লেখ্য যে, তৃষ্ণা মোছন পিক্চাৰ্চে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাই। সংগীত পৰিচালনা প্ৰণয় দত্তৰ। অসমৰ জনপ্ৰিয় অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা) ও ছবিখনত অভিনয় কৰাৰ লগতে ৰীণা বৰা, অৰুণ নাথ হাজৰিকা, প্ৰীতিকংকণা, মনজিৎ শৰ্মাই, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীকো দেখা পোৱা যাব। ‘ শ্ৰী ৰঘুপতি’ৰ জৰিয়তে ৰূপালী পৰ্দাত ভূমুকি মাৰিব দুই অভিনেত্ৰী লুনা দেৱী আৰু বুবলী কাশ্যপে। সুদীৰ্ঘ ১৭ টা বছৰ পিছত অভিনয় জগতৰ পৰা আঁতৰি থকা অভিনেতা ৰাজ শৰ্মাকো ছবিখনত দৰ্শকে দেখিবলৈ পাব।
ৰবি শৰ্মাৰ “শ্ৰী ৰঘুপতি” ছবিৰ ‘তুমি আৰু মই’ ৰ গীতটিৰ ভিডিঅ’ মুকলি,
২০২৩ বৰ্ষত ছবি গৃহলৈ আহিছে নতুন অসমীয়া ছবি “শ্ৰী ৰঘুপতি”। ৰবি শৰ্মাৰ কাহিনী, সংলাপ আৰু অভিনয়ৰে সমৃদ্ধ ছবিখনৰ প্ৰথমটি গীতৰ ভিডিঅ’ বুধবাৰে ইউটিউবত মুক্তি কৰি দিয়া হয়। গীতটিৰ নাম “তুমি আৰু মই”।
গীতটিৰ অডিঅ’ চলিত মাহৰ ১৭ এপ্ৰিলত ইউটিউবত মুক্তি দিয়া হৈছিল। জুবিন গাৰ্গ আৰু দীপলীনা ডেকাৰ কণ্ঠত মুক্তি পোৱা অডিঅ’টো ইতিমধ্যে ইউটিউবত আঢ়ৈ লাখৰো অধিক ভিউচ (Views) পাবলৈ সক্ষম হৈছে। উক্ত গীতটিৰ কথা দিগন্ত ভাৰতী আৰু সংগীত প্ৰণয় দত্তৰ। আগলৈ…