নিউজ ডেস্ক: অংকিতা দত্তৰ গোচৰ সন্দৰ্ভত দিছপুৰ থানাত আজি উপস্থিত হৈছে নিখিল ভাৰত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি বি.ভি.শ্ৰীনিবাস ।

জানিব পৰামতে পুৱা ৯ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী। বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে সভাপতিগৰাকী দিছপুৰ আৰক্ষী থানালৈ ৰাওনা হৈছে।

উল্লেখ্য যে কংগ্ৰেছৰ নিলম্বিত সভানেত্ৰী অংকীতা দত্তই যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি বি.ভি.শ্ৰীনিবাস ওপৰত দিয়া এজাহাৰৰ ভিত্তিত যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ বিৰুদ্ধে আই পি চিৰ U/S ৫০৯/২৯৪/৩৪১/৩৫২/৩৫৪/৩৫৪(A) (iv)/৫০৬ ধাৰাত ৰুজু হোৱা গোচৰৰ বাবে পূৱ গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত মৈত্ৰেয়ী ডেকাই ২ মে’২০২৩ ৰ পূৰ্বে গুৱাহাটীত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল । পৰৱৰ্তী সময়ত এই গোচৰৰ বিৰুদ্ধে শ্ৰীনিৱাসে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও অৱশেষত ২২ মে’ত গুৱাহাটীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হয় নেতা গৰাকীক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply