গুৱাহাটী : ১২ গৰাকী ষ্টাৰ এণ্টি ৰাষ্ট চিমেণ্ট ক্ৰেতাই লাভ কৰিলে মটৰচাইকেল। দেশৰ পূৰ্বাঞ্চলত ভাগ্যৱান গ্ৰাহকসকলৰ বাবে ভাল খবৰৰ বৰষুণ হৈ আছে। বিগত সময়ছোৱাত যিকোনো চিমেণ্ট কোম্পানীৰ দ্বাৰা গ্ৰহণ কৰা আটাইতকৈ ডাঙৰ উপভোক্তা সংযোগ প্ৰচেষ্টা, ষ্টাৰ এণ্টি ৰাষ্ট চিমেণ্টৰ ‘এণ্টি ৰাষ্ট লাও, ছলিড ইনাম পাও” শীৰ্ষক আয়োজনৰ যোগেদি গ্ৰাহকসকলক মটৰচাইকেল আৰু আন কেইবাটাও বাম্পাৰ পুৰস্কাৰ জিকাৰ সুযোগ প্ৰদান কৰিছে। পূৱ ভাৰতৰ আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ষ্টাৰ চিমেণ্টে শেহতীয়াকৈ “এণ্টি ৰাষ্ট লাও ছলিড ইনাম পাও”ৰ জৰিয়তে ১২ জন ভাগ্যৱান গ্ৰাহকক মটৰ চাইকেল প্ৰদান কৰিছে।

এই বিশেষ আঁচনিখন বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখে আৰম্ভ হৈছিল আৰু ইয়াৰ অপৰিসীম জনপ্ৰিয়তাৰ বাবে ইয়াক জুলাই মাহলৈ বৃদ্ধি কৰা হয়। এই ১২ গৰাকী ভাগ্যৱান বিজয়ীসকল হৈছে দৰঙৰ ডিলাৰ ভাৰত চিমেণ্ট ছাপ্লায়াৰৰ ভাৰতী শৰ্মা, আগৰতলাৰ ডিলাৰ ঈশা এণ্টাৰপ্ৰাইজৰ বিষ্ণুপদ সাহা, গুৱাহাটীৰ ডিলাৰ নিৰ্মল হাৰ্ডৱেৰৰ অতুল দাস, গোলাঘাটৰ ডিলাৰ শান্তি ট্ৰেডৰ লালবাবু প্ৰসাদ, শিলচৰৰ ডিলাৰ জয়তাৰাৰ জয়দীপ দে, ডিব্ৰুগড়ৰ চেনীৰীমা ট্ৰেডাৰ্ছ – ডিবিআৰৰ জীৱেশ্বৰ গগৈ, নামনি অসমৰ মহেন্দ্ৰ মাৰ্বল হাৰ্ডৱেৰৰ ডিলাৰ ৰছিদ আলী, গুৱাহাটীৰ ডিলাৰ ৰাহুল ট্ৰেডাৰৰ আনোৱাৰ হুছেইন, যোৰহাটৰ ডিলাৰ জে পি হাৰ্ডৱেৰ এণ্ড ইলেকট্ৰিকেলছৰ ভাস্কৰ ৰঞ্জন চাবুকধাৰা, নগাঁৱৰ ডিলাৰ আয়ুষ হাৰ্ডৱেৰৰ ছামছুল হক, লখিমপুৰৰ ডিলাৰ আগৰৱালা ষ্ট’ৰৰ হীৰেন গগৈ আৰু নামনি অসমৰ শুভকৰণ সিংঘী ডিলাৰৰ আলোক সিং।

এই প্ৰচেষ্টা সন্দৰ্ভত মন্তব্য কৰি এছচিএলৰ অধ্যক্ষ জ্যোতিস্বৰূপ আগৰৱালে কয়, “আমি বিশ্বাস কৰোঁ যে ষ্টাৰ চিমেণ্টৰ আঁৰৰ ব্যক্তিসকল হৈছে আমাৰ আনন্দিত গ্ৰাহকসকল আৰু এই পদক্ষেপটো আমাৰ মূল্যৱান গ্ৰাহক সকলক পুৰস্কৃত কৰাৰ এক বিনম্ৰ প্ৰয়াস। যিটোৱে এই সমগ্ৰ কাৰ্যসূচীটোকেই বিশেষ কৰি তুলিছে সেয়া হ’ল উত্তৰ-পূৱত আমি লাভ কৰা অপৰিসীম সঁহাৰি। আমি বিগত বছৰবোৰত সমগ্ৰ অঞ্চলৰ গ্ৰাহকসকলৰ সৈতে বিকশিত কৰা দৃঢ় সম্পৰ্কৰ বাবে অত্যন্ত গৌৰৱান্বিত আৰু আমি অনাগত দিনবোৰত মূল্যৱান গ্ৰাহকসকলৰ বাবে অধিক আনন্দদায়ক আশ্চৰ্য কঢ়িয়াই অনাৰ বাবে অপেক্ষা কৰি আছোঁ।”

লগতে পঢ়ক –  অহা ৬ জুনৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল ছিজন

তেওঁ লগতে মন্তব্য কৰে, “আমি আমাৰ সকলো সহযোগীৰ ওচৰত “এণ্টি ৰাষ্ট লাও ছলিড ইনাম পাও” সফল কৰাৰ বাবে আৰু সকলো ভাগ্যৱান বিজয়ীক আমাৰ আন্তৰিক অভিনন্দন জনোৱাৰ বাবে কৃতজ্ঞ।” “এণ্টি ৰাষ্ট লাও ছলিড ইনাম পাও” আঁচনিখন জুলাই মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে আৰু ই বিভিন্ন ভাগ্যৱান গ্ৰাহকসকলক মটৰচাইকেলৰ বাম্পাৰ পুৰস্কাৰ আৰু অন্যান্য বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰেৰে আনন্দিত কৰি আছে। ষ্টাৰ এণ্টি ৰাষ্ট চিমেণ্ট হৈছে ষ্টাৰ চিমেণ্টৰ এক প্ৰিমিয়াম সামগ্ৰী, যাক ষ্টাৰ চিমেণ্টত গৱেষণা আৰু বিকাশ শাখাৰ কেইবা বছৰৰ অক্লান্ত গৱেষণাৰ ফলস্বৰূপে বিকশিত কৰা হৈছে। ষ্টাৰ এণ্টিৰাষ্ট চিমেণ্টে শক্তিশালী দণ্ডিকাত মামৰ আৰু ক্ষয়-প্ৰতিৰোধী গুণাগুণ প্ৰদান কৰে সেয়েহে গাঁথনিটোৰ স্থিৰতা আৰু সেৱা জীৱন বৃদ্ধি কৰে। এই সামগ্ৰীটো বিশেষকৈ ঢালাইৰ বাবে ব্যৱহাৰ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply