নিউজ ডেস্ক : ভাৰতৰ ষ্টাৰ বেটছমেন কে এল ৰাহুলৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ফলত ২৯ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক পাঁচখন মেচৰ টি-২০ ছিৰিজৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আছে ষ্টাৰ বেটছমেন গৰাকী।
বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ব’ৰ্ডৰ এপেক্স কাউন্সিলৰ বৈঠকৰ পিছত কে এল ৰাহুলৰ ক’ভিডত আক্রান্ত হোৱাৰ কথা অৱগত কৰে। বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত অনুষ্ঠিত লেভেল-৩ প্ৰশিক্ষক প্ৰমাণীকৰণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰা প্ৰাৰ্থী সকলক বৃহস্পতিবাৰে নিজেই সম্বোধন কৰিছিল ৰাহুলে।
লগতে পঢ়ক – মহানগৰীত আজি চিটি বাছ নচলোৱাৰ সিদ্ধান্ত
শেহতীয়াকৈ জাৰ্মানীত হাৰ্নিয়া অপাৰেচন কৰা কে এল ৰাহুলক শুকুৰবাৰে প’ৰ্ট অৱ স্পেইনত আৰম্ভ হ’বলগীয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে জিৰণি দিয়া হৈছিল। গাংগুলীয়ে লগতে জনায় যে কমনৱেলথ গেমছলৈ গৈ থকা ভাৰতীয় মহিলা দলৰ এগৰাকী সদস্যও ক’ভিড-১৯ত আক্রান্ত হৈছে। তেওঁ অৱশ্যে খেলুৱৈজনৰ নাম প্ৰকাশ কৰা নাই।