নিউজ ডেস্ক- এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে এজাহাৰ দাখিল কৰিছে।
তথ্য অনুসৰি, আজমলে কংগ্ৰেছৰ বিৰুদ্ধে অপমানজনক মন্তব্য দিয়াৰ বাবে এজাহাৰ দাখিল কৰে। এজাহাৰত অসম কংগ্ৰেছে উল্লেখ কৰে যে, ‘বদৰুদ্দিন আজমল, সাংসদ তথা এআইইউডিএফৰ সভাপতিয়ে আমাৰ ভাষা, সংস্কৃতি আদিৰ ভাবমূৰ্তিক অপমান কৰাৰ লগতে অসমীয়া সমাজৰ সামাজিক কাঠামো দুৰ্বল কৰাৰ অহৰহ চেষ্টা কৰি আহিছে।’
উল্লেখ্য যে, বদৰুদ্দিন আজমলে শেহতীয়াকৈ বহু বিতৰ্কিত বক্তব্য আগবঢ়াই আহিছে। লগতে আৰক্ষীক দিয়া অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে কয় যে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে অসংসদীয় বক্তব্য প্ৰদান কৰিছিল।