নিউজ ডেস্ক- খাৰঘুলি অঞ্চলত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ ক্ষতিপূৰণ ঘোষণা ৰাজ্য চৰকাৰৰ। আজি দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে আহি ঘটনাস্থলীত উপস্থিত হয় আৰু ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে প্ৰতিটো দিশ পৰ্যালোচনা কৰি এই জল বিস্ফোৰণ ফলত ক্ষতি গ্ৰস্ত হোৱা পৰিয়ালৰ সৈতে মত বিনিময় কৰে।

ৰাজ্য চৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ ২লাখ টকা আৰু আহত হোৱা লোকসকললৈ ১০হেজাৰ টকাকৈ প্ৰদান কৰিব। ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী যোগেন মহনে এই কথা ঘোষণা কৰে।
উল্লেখ্য যে, পাইপৰ পানী বিস্ফোৰিত হৈ উপৰলৈ উঠি অহাৰ ফলত এফালৰ পৰা ভাঙি নিয়ে কেইবাটাও ঘৰ লগতে ৰাজপথেৰে গৈ থকা কেইবাখনো বাহনৰো ক্ষতি সাধন হয়। এই ঘটনাৰ ফলত সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ লগতে আন এগৰাকী মহিলা নিহত হয় আৰু আন বহুলোক আহত হয়।

তথ্য অনুসৰি ২২ টাকৈ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৩০ জন লোক আহত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ আৰ্থিক ক্ষতি পূৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
