নিউজ ডেস্কঃ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম প্ৰাণকেন্দ্ৰ তথা  কলা সংস্কৃতিৰ কেন্দ্ৰবিন্দু স্বৰূপে পৰিচিত গুৱাহাটীৰ আমবাৰীত অৱস্থিত ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহৰ পুনৰ নিৰ্মাণৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰিছে। নতুনকৈ নিৰ্মাণ কৰিব লগা প্ৰেক্ষাগৃহটোৰ আৰ্হি সন্দৰ্ভত শুক্ৰবাৰে জনতা ভৱন কাৰ্যালয় কক্ষত সাংস্কৃতিক পৰিক্রমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয়।

উক্ত বৈঠকত প্ৰেক্ষাগৃহটোৰ আৰ্হিৰ সন্দৰ্ভত সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তি সকলৰ পৰা মন্ত্ৰী বড়াই পৰামৰ্শ গ্ৰহণ কৰে। তদুপৰি এই ভৱনটো নিৰ্মাণ কাৰ্য্য শিঘ্ৰে আৰম্ভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগৰ বিষয়া সকলক তেওঁ আহ্বান জনাই।

ইফালে বৈঠকত উপস্থিত থকা সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্রবর্তীয়ে এই প্রকল্পটো এক বিশ্বমানৰ প্ৰকল্প হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰয়োজন সাপেক্ষে ইয়াৰ আৰ্হিৰ পৰিবৰ্তন কৰাৰ বাবেও মতামত আগবঢ়ায়।

উক্ত বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা মীনাক্ষি দাস নাথ, বিশিষ্ট নাট পৰিচালক দুলাল ৰয়, অবিনাশ শৰ্মা, নয়ন প্ৰসাদ, অনুপ জ্যোতি চৌধুৰী, সংগীতজ্ঞ ৰমেন চৌধুৰী, বিপুল দাস, শব্দ যন্ত্রী যতীন শৰ্মা, চিত্ৰশিল্পী জ্ঞানেন্দ্র বৰকটকী, মুকাভিনেতা ময়নুল হক, নৃত্য শিল্পী ৰামকৃষ্ণ তালুকদাৰ আৰু মল্লিকা কণ্ডলি, সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে উচ্চপদস্থ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

লগতে পঢ়ক – “দ্যা ডায়েৰী অৱ ৱেষ্ট বেংগল”ৰ পৰিচালক মনোজ মিশ্ৰলৈ কলকাতা আৰক্ষীৰ চমন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply