নিউজ ডেস্ক: ৰাজ্য চৰকাৰৰ ২ বছৰীয়া জয়ন্তীৰ প্ৰাকক্ষণত চৰকাৰৰ সমৃদ্ধিশালী অৰ্থনীতিয়ে আন এক পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰে ১০ টা আগশাৰী কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অসম চৰকাৰৰ সৈতে মেগা ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট স্থাপনৰ বাবে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

উল্লেখ্য যে এই বুজাবুজিৰ চুক্তি অনুসৰি ৰাজ্যখনত ৮,২০০ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ হোৱাৰ লগতে ৬,১০০ টা চাকৰিৰ সৃষ্টি কৰিব।

উদ্যোগ, বাণিজ্য আৰু ৰাজহ্বা উদ্যোগ বিভাগৰ আয়ুক্ত আইনাম চৰণ কুমাৰ সিঙে পেপচিকো ইণ্ডিয়া, বৰুণ বেভাৰেজ, কেলকম চিমেণ্ট ইণ্ডিয়া, ষ্টাৰ চিমেণ্ট এন ই লিমিটেড, চেঞ্চুৰী ফ্ল’ট গ্লাছ লিমিটেড, তাজ চিমেণ্ট মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড, ষ্টাৰ চিমেণ্ট ইণ্ডিয়া লিমিটেড, ডি এছ গ্ৰুপ আৰু চেণ্টাৰ ফৰ পেৰিচেবল কাৰ্গো (আদানি গ্ৰুপছ) দৰে উদ্যোগপতিসকলৰ সৈতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply