নতুন দিল্লী – কেন্দ্ৰ আৰু অসম চৰকাৰে বৃহস্পতিবাৰে (১৫ ছেপ্তেম্বৰ, ২০২২) নতুন দিল্লীত অসমৰ ৮ টা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে এক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰে। এই শান্তি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকি গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে মোদী চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ আদিবাসী সংগঠনৰ প্ৰায় ১১০০ ব্যক্তিয়ে আজি অস্ত্ৰ আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে। সেয়েহে আজিৰ দিনটো অসমৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন।” শান্তি চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

উল্লেখযোগ্য যে শান্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ১০ বছৰৰ পাছত আঠটা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছিল। কালি চুক্তি স্বাক্ষৰ কৰা ৮ টা বিদ্ৰোহী সংগঠন ক্ৰমে বিৰছা কমাণ্ডো ফ’ৰ্চ (BCF), আদিবাসী পিপলছ আৰ্মী (APA), সদৌ আদিবাসী নেচনেল লিবাৰেচন আৰ্মি (AAANLA), আদিবাসী কোব্ৰা মিলিটাৰী অৱ অসম (ACMA) আৰু ছান্থালি টাইগাৰ ফৰ্চ (STF)। আন তিনিটা সংগঠন ক্ৰমে BCF, ANLA আৰু ACMAৰ পৰা বিচ্ছিন্ন হৈ যোৱা গোট। স্মৰ্তব্য যে BCF, APA, AANLA, ACMA আৰু STF এ ২০১২ চনৰ পৰা চৰকাৰৰ সৈতে যুদ্ধবিৰতি কৰি আহিছে।

উল্লেখ্য যে ১৯৯৬, ১৯৯৮ আৰু ২০১৪ চনত ৰাজ্যখনত সংঘটিত জনগোষ্ঠীয় সংঘৰ্ষত ক্ষতি হোৱা আদিবাসী লোকসকলৰ পৰিয়ালক এক লাখকৈ টকা ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে আদিবাসীসকলৰ ভূমিৰ অধিকাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে৷ জনগোষ্ঠীটোৰ লোকসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে এজন কেবিনেট মন্ত্ৰীৰ নেতৃত্বত এখন কমিটী গঠন কৰিব৷

উক্ত কমিটীখনে সমগ্ৰ বিষয়টো অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব৷ সেই অনুসৰি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব৷ জনগোষ্ঠীটোৰ ভাষা, কলা-সংস্কৃতি সুৰক্ষাৰ বাবেও চুক্তিখনত ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে৷

সেই অনুসৰি তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰ, বাক্‌সা, কাৰ্বি আংলং, চিৰাং, ওদালগুৰি আৰু কোকৰাঝাৰ জিলাত আদিবাসী অঞ্চলত মডেল স্কুল খোলা হ’ব৷ কোকৰাঝাৰ, শোণিতপুৰ আৰু গোলাঘাটত খোলা হ’ব দক্ষতা বিকাশ কেন্দ্ৰ৷

আনহাতে কালি স্বাক্ষৰিত হোৱা শান্তি চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত সকলো দিশ চোৱাচিতাৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু আদিবাসী সশস্ত্ৰ সংগঠনৰ নেতৃত্বক লৈ এখন যুটীয়া কমিটী গঠন কৰা হ’ব৷ মন কৰিবলগীয়া কথা যে আজিৰ এই শান্তি চুক্তিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, পল্লৱ লোচন দাস, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্য সচিব পৱন বৰঠাকুৰ, আই বিৰ মুৰব্বী তপন কুমাৰ ডেকা, আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰকে ধৰি গৃহ মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply