নিউজ ডেস্ক– গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত আজি অনুস্থিত হ’ব নিযুক্তি মহা সমাৰোহ। এই অনুস্থানত ৪৪৭০৩জনক নিযুক্তি প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, আজিৰ এই দিনটোত চৰকাৰখনে এক লাখ চাকৰি প্ৰদানৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি অৰ্জন কৰিব। ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নিযুক্তি দিয়া লোকৰ সংখ্যা হ’বগৈ ৮৬,৭৮২জন।
আনহাতে, অমৃত শ্বাহৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কালি এখন বৈঠকত মিলিত হৈ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীসমূহৰ সুচল পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিযুক্তি-পত্র প্রদান কার্যসূচী অনুষ্ঠিত হ’বলগীয়া স্থান পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়।
আজি অনুষ্ঠিত হ’বলগীয়া নিযুক্তি সমাৰোহত উপস্থিত থাকিব লগীয়া প্ৰাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাৰ এডমিট কার্ড, পৰীক্ষাৰ ফলাফলৰ প্ৰিণ্ট কপি আৰু পৰিচয়-পত্ৰ লগত লৈ আনিব লাগিব। লগতে, দিব্যাংগ প্ৰাৰ্থীসকলৰ বাবে এক নং প্ৰৱেশ দ্বাৰেৰে প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে।