গুৱাহাটী : অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত অহা ১ আৰু ২ জুনত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব প্ৰথম সংখ্যক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিকচ্ প্ৰতিযোগিতা। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ১০০ বছৰ উৰ্ধ্বৰ ১৪ টা শাখাত খেলুৱৈসকলৰ বাবে মুকলি থকা প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অংশগ্ৰহণৰ প্ৰক্ৰিয়া উদ্যোক্তাসকলে মুকলি কৰিছে।

এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰা বাছনি হোৱা খেলুৱৈসকলে অহা ১৬ ৰ পৰা ১৯ জুনত গুজৰাটৰ বদোদ্ৰাত ভাৰতীয় এথলেটিকচ্ ফেডাৰচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাত অংশগ্ৰহনৰ সুবিধা লাভ কৰিব। প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলে বয়সৰ প্ৰমাণপত্ৰ হিচাপে হাইস্কুল শীক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড/জন্মৰ প্ৰমাণপত্ৰ/আধাৰ কাৰ্ড/পেন কাৰ্ড লগত আনিব লাগিব। এথলীটসকলে ক’ভিড প্ৰতিৰোধী ভেকচিন গ্ৰহণৰ প্ৰমানপত্ৰও অংশগ্ৰহনৰ পূৰ্বে জমা দিব লাগিব।

লগতে পঢ়ক –  দিচাং নৈৰ মথাউৰিৰ ছিঙা অংশই শিৱসাগৰ নগৰলৈ আনিছে ভাবুকি

এগৰাকী প্ৰতিযোগিতায়ে ব্যক্তিগত শাখাৰ দুটাকৈ ইভেন্টত যোগদান কৰিব পৰা এই প্ৰতিযোগিতাত প্ৰায় ৪০০ তকৈও অধিক ইভেন্ট অনুষ্ঠিত হ’ব।খেলুৱৈ সকলে ২৮ জুনৰ পূৰ্বে অংশগ্ৰহণৰ নিশ্চয়তা অসম এথলেটিকছৰassamathleticsassociation@gamil.com ই-মেইলত প্ৰেৰণ কৰিব লাগিব।আনহাতে অংশগ্ৰহণকাৰী এথলীট সকলক ৩১ মে’ত সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্থিত হোৱাৰ বাবে উদ্যোক্তা সকলে অনুৰোধ জনোৱাৰ লগতে প্ৰতিযোগিতাৰ দুদিনীয়া কাৰ্যসূচীত সমূহ খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমী দৰ্শকৰ উপস্থিতি অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে আন্তৰিকতাৰে কামনা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply