ধুবুৰী : ধুবুৰীত ধুমুহাৰ তাণ্ডৱলীলা। বুধবাৰে পুৱাৰ ভাগত বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহাই কোবাই যায় ধুবুৰীৰ বিভিন্ন অঞ্চল। ধুমুহাৰ ফলত ধুবুৰীত বিস্তৰ ক্ষতি সাধন।

ধুবুৰী সদৰ চহৰৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত থকা এটা প্ৰকাণ্ড আম গছ ভাঙি পৰাত বিদ্যালয়খনৰ গৃহৰ বিস্তৰ ক্ষতি সাধন হয়। গছ বাগৰি ভূপেন হাজৰিকা বাণিজ্য কেন্দ্ৰৰ দুখনকৈ দোকান ঘৰ ভাঙি চুৰমাৰ হৈ পৰে।

প্ৰকাণ্ড গছডাল ভাঙি পৰাৰ ফলত বন্ধ হৈ পৰে ৰাজপথ। ছিঙি পৰে বিদ্যুৎৰ খুটা। আনহাতে ভাৰত-বাংলাদেশ সীমান্তৰ কলাপাকানীতো প্ৰচণ্ড ধুমুহাৰ ফলত ভোগদহৰ পঞ্চায়তৰ খা পাৰা আৰু কলাপাকানী অঞ্চলত কেইবাটাও পৰিয়ালৰ বিস্তৰ ক্ষয় ক্ষতি হয়।

লগতে পঢ়ক – বিশ্বনাথত বনৰীয়া ম’হৰ আতংক

অঞ্চল দুটাত কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি তচনচ হোৱাৰ লগতে প্ৰকাণ্ড প্ৰকাণ্ড গছ উভলি পৰা বুলি জানিব পৰা গৈছে। বিদ্যালয় গৃহ আৰু খেতি পথাৰত ক্ষয় ক্ষতি হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply