নিউজ ডেস্ক: চানবিম হাইস্কুলত সংঘটিত হৈছে এক জঘন্য কাণ্ড। উত্তৰ প্রদেশৰ অযোধ্যা চহৰৰ শিক্ষানুষ্ঠান চানবিম হাইস্কুলৰ এগৰাকী ছাত্ৰীক দলবদ্ধভাবে ধৰ্ষণ কৰি বিদ্যালয়ৰ ছাঁদৰ পৰা তললৈ গতিয়াই দি হত্যাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ পিচত স্কুলৰ প্রধান আচাৰ্য ৰশ্মি ভাটিয়া,  স্কুলখনৰ মেনেজাৰ ব্ৰীজেশ যাদৱ আৰু ক্ৰীড়া বিষয়ৰ শিক্ষক অভিষেক কানোজিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷

জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্রধান আচাৰ্যই ছাত্ৰীগৰাকীক স্কুললৈ মাতি পঠিয়াইছিল। তাৰ পিচতে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি বিদ্যালয়ৰ ছাঁদৰ পৰা গতিয়াই হত্যা কৰা হয়।

সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিচত আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত অভিযুক্তক আদালতত দোষী সাব্যস্ত কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply