কোকৰাঝাৰ : কোকৰাঝাৰত অঘটন। কোকৰাঝাৰৰ গৌৰাং নদীত গা ধুবলৈ গৈ সন্ধানহীন ইঞ্জিনিয়াৰিঙৰ এজন ছাত্ৰ। কোকৰাঝাৰৰ বিবি ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ অন্তৰীক্ষ শৰ্মা গৌৰাং নদীত সন্ধানহীন।

কোকৰাঝাৰত গৌৰাং নদীত গ ধুবলৈ গৈ এজন ছাত্ৰ সন্ধানহীন হৈ পৰাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মিৰ্জাৰ অন্তৰীক্ষ শৰ্মা নামৰ ছাত্ৰজন বুধবাৰে গৌৰাং নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে। ১৯ বছৰীয়া অন্তৰীক্ষ শৰ্মা কোকৰাঝাৰৰ বিবি ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ।

লগতে পঢ়ক –  ১১জুলাইত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে মৌখিক পৰীক্ষা

বুধবাৰে বিয়লিৰ ভাগত বিবি ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ ৫ জনীয়া ছাত্ৰৰ এটা গৌৰাং নদীৰ গা ধুবলৈ গৈছিল। নদীত গা ধুই থকা অৱস্থাত হঠাৎ অন্তৰীক্ষ শৰ্মা নদীত সন্ধানহীন হৈ পৰে। ছাত্ৰজনৰ সন্ধানত কোকৰাঝাৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ছাত্ৰজনৰ কোনো সন্ধান লাভ কৰা নাই অভিযানকাৰী দলটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply