নিউজ ডেস্ক: সোমবাৰে মহানগৰীৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান চাউথ পইণ্ট স্কুলৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়।
গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ হোষ্টেলৰ চতুৰ্থ মহলাৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰজনৰ মৃতদেহ। মৃত ছাত্ৰজন দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আছিল। ছাত্ৰ জনৰ ঘৰ অৰুণাচলৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ছাত্ৰজনে হোষ্টেলৰ কোঠাত আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই।