নিউজ ডেস্ক: ‘মন কী বাত’ অনুষ্ঠান নুশুনাৰ বাবেই শিক্ষাৰ্থীক বিহা হৈছে জৰিমনা। উত্তৰাখণ্ডৰ ডেৰাডুনৰ নিৰঞ্জনপুৰস্থিত “জি আৰ ডি একাডেমী”য়ে যোৱা ৩০ এপ্রিলত প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান নুশুনাৰ বাবেই শিক্ষার্থীক বিহা হৈছে জৰিমনা।

প্ৰাপ্ত তথ্য অনুসৰি, বিদ্যালয়খনত প্রধানমন্ত্ৰীৰ ১০০ সংখ্যক ‘মন কী বাত’ অনুষ্ঠান শুনাৰ বাবে উপস্থিত নোহোৱা শিক্ষার্থীসকলক এশ টকাকৈ জৰিমনা দিবলৈ নিৰ্দেশ জাৰি কৰিছিল বিদ্যালয় কর্তৃপক্ষই। এই নিৰ্দেশনা বাৰ্তাটো কতৃপক্ষই হোৱাটছএপৰ জৰিয়েতে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত প্ৰচাৰ কৰিছিল।

বিদ্যালয়ৰ খনৰ এনে অদ্ভূত ঘটনাৰ পিছত কেইবাগৰাকীও অভিভাৱকে হোৱাটছএপ বাৰ্তাটো স্ক্রীনশট সৈতে জিলা শিক্ষা বিষয়াক অভিযোগ দিছে। ইয়াৰ পিছতেই ডেৰাডুনৰ জিলা শিক্ষা বিষয়াই বিদ্যালয় খনলৈ জাননী জাৰি কৰি ৩ দিনৰ ভিতৰত এই সন্দৰ্ভত স্পষ্টীকৰণ দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

লগতে পঢ়ক – অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! অসমৰ ৪ জন শ্ৰমিক নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply