অসমবাসীৰ বাবে এটা গৌৰৱৰ খৱৰ। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া ৬৮ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডত দুটাকৈ বঁটাৰ বাবে মনোনীত হৈছে বৰপেটাৰ সুমন অধিকাৰী।

সুমন অধিকাৰীয়ে “বধাই ডো” নামৰ ছবিখনৰ শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ চিত্ৰনাট্য বাবে দুটা মনোনয়ন লাভ কৰিছে । ইয়াৰ পূৰ্বে তেওঁৰ চিত্ৰনাট্যৰে নিৰ্মিত চুটি ছবি “ছ’ৰী ভাইছাব”ৰ বাবে ফিল্মফেয়াৰ লাভ কৰিছিল। লগতে তেওঁ “বধাই ডো” ছবিৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে আই আই এফ এৰ মনোনয়ন লাভ কৰিছে।

প্ৰতি বছৰে দ্য টাইমছ গ্ৰুপে ভাৰতৰ চলচ্চিত্ৰ উদ্যোগৰ পেছাদাৰীসকলৰ কলাত্মক আৰু কাৰিকৰী উৎকৃষ্টতা দুয়োটাকে সন্মান জনাই বঁটা প্ৰদান কৰি আহিছে।

মহাৰাষ্ট্ৰ পৰ্যটনৰ সহযোগত ৬৮ সংখ্যক হুণ্ডাই ফিল্মফেয়াৰ এৱাৰ্ড ২০২৩ অহা ২৭ এপ্ৰিলত অনুস্থিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply